কেতিয়াবা হঠাতে মানুহৰ ভাগ্য চকৰী ঘূৰে, ইয়াৰ পাছত আকৌ সেই ভাগ্যৰ চকৰী ওলোটাকৈ ঘূৰিবলৈও ক্ষণিক মুহূৰ্তও নালাগে৷
এনে এক ঘটনাই সংঘটিত হৈছে বিহালী লাল নামৰ এজন দৈনিক মজুৰী প্ৰাপ্ত শ্ৰমিকৰ৷ ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ কন্নৌজনৰ দৈনিক মজুৰীপ্ৰাপ্ত শ্ৰমিক বিহাৰী লাল হঠাতে হৈ পৰিল কোটিপতি৷ কোটিপতি মানে হাজাৰ ঘৰৰ কোটিপতি৷
ৰাজস্থানৰ এটা ইটা ভাটাত কৰ্মৰত দৈনিক মজুৰিপ্ৰাপ্ত শ্ৰমিক বিহাৰী লালে নিজ গাঁওস্থিত জনসেৱা কেন্দ্ৰত বেংক অৱ ইণ্ডিয়াৰ ধন জন একাউণ্টৰ পৰা ১০০ টকা উলিয়াইছিল৷ ধন উলিওৱাৰ পিছতে তেওঁৰ মোবাইললৈ একাউণ্টত ২৭০০ কোটি টকা বেলেন্স থকাৰ এটা এছএমএছ আহে৷ এই এছএমএছটো লাভ কৰাৰ পিছতে পুনৰ কেন্দ্ৰটোত তেওঁৰ একাউণ্টৰ বেলেন্স পৰীক্ষা কৰি ২৭০০ টকা জমা থকাই দেখুওৱায়৷
লগতে পঢ়ক যুদ্ধ কৰি নহয় ‘আৰ্ট অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিহাৰী লালে কয়, ‘তাৰ পিছত মই তেওঁক পুনৰ একাউণ্ট চেক কৰিবলৈ ক’লো, তাৰ পিছত তেওঁ তিনিবাৰকৈ চেক কৰিলে। যেতিয়া মই বিশ্বাস কৰিব নোৱাৰিলো, তেতিয়া তেওঁ বেংক ষ্টেটমেন্টটো উলিয়াই মোক দিলে। দেখিলো মোৰ একাউণ্টত ২৭০০ কোটি টকা আছে।’
ইয়াৰ পিছতে বিহাৰী লালে তেওঁৰ একাউন্টৰ বেলেন্স পৰীক্ষা কৰিবলৈ বেংকৰ শাখালৈ গ’ল৷ বেংকৰ শাখাত তেওঁৰ একাউণ্ট চেক কৰি দেখা গ’ল যে বেলেঞ্চৰ পৰিমাণ মাত্ৰ ১২৬ টকা। পিছত বেংকৰ প্ৰধান জিলা প্ৰবন্ধক অভিষেক সিনহাই সংবাদ মাধ্যমৰ আগত কয় যে একাউণ্টটো চেক কৰা হৈছিল আৰু তাত মাত্ৰ ১২৬ টকাহে আছিল।
লগতে পঢ়ক সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা এৰলে পুত্ৰ এল’নৰ নাৰীপ্ৰীতিক ঈৰ্ষা কৰে নেকি?
তেওঁ লগতে কয়, ‘এয়া স্পষ্টভাৱে বেংকিং ভুল হ’ব পাৰে। কিছুদিনৰ বাবে বিহাৰী লালৰ একাউণ্ট ফ্ৰীজ কৰা হৈছে আৰু এই বিষয়টো বেংকৰ উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগোচৰ কৰা হৈছে।’
বিহাৰী লালে ৰাজস্থানৰ এটা ইটা-ভাটাত শ্ৰমিক হিচাপে কাম কৰি প্ৰতিদিনে ৬০০ৰ পৰা ৮০০ টকা উপাৰ্জন কৰে৷ কিন্তু বাৰিষা কালত ইটা-ভাটাটো বন্ধ হৈ থকাৰ বাবে তেওঁ এই মুহূৰ্তত ইমানখিনিও উপাৰ্জন কৰিব পৰা নাই।
এইদৰে বিহাৰী লালৰ কোটিপতি হোৱাৰ আনন্দ ক্ষণিকতে কৰ্পূৰৰ দৰে উৰি গ’ল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ