দীপাৱলীৰ আগমনৰ লগে লগে মানুহে ঘৰ চাফা কৰা, সজাই-পৰাই তোলা আৰু পূজাৰ প্ৰস্তুতি আৰম্ভ কৰে। পোহৰৰ এই উৎসৱত দেৱী লক্ষ্মীক আদৰিবলৈ ঘৰৰ চুক-কোণে মাটিৰ চাকি জ্বলোৱা হয়। কিন্তু আপুনি জানেনে, দীপাৱলীত চাকি জ্বলোৱাৰ সময়ত তাৰ তলত কিছুমান বিশেষ বস্তু ৰখাটো শুভ বুলি গণ্য কৰা হয়? ধৰ্মীয় বিশ্বাস অনুসৰি, এই বস্তুবোৰ চাকিৰ তলত ৰাখিলে ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি আহে। লগতে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা যায় বুলিও বিশ্বাস কৰা হয়। দীপাৱলীৰ ধৰ্মীয় তাৎপৰ্য আৰু চাকি জ্বলোৱাৰ সৈতে জড়িত এই পৰম্পৰাৰ বিষয়ে জ্যোতিষবিদ অখিলেশ পাণ্ডেই ব্যাখ্যা কৰিছে।
দীপাৱলী হিন্দু ধৰ্মৰ অন্যতম প্ৰধান আৰু পৱিত্ৰ উৎসৱ। ধৰ্মীয় বিশ্বাস অনুসৰি, ১৪ বছৰ বনবাস সম্পূৰ্ণ কৰি ভগৱান শ্ৰীৰাম অযোধ্যালৈ উভতি অহাৰ আনন্দত অযোধ্যাবাসীয়ে সমগ্ৰ নগৰখন দীপেৰে আলোকিত কৰিছিল। সেই সময়ৰ পৰাই দীপাৱলীত চাকি জ্বলোৱাৰ পৰম্পৰা চলি আহিছে বুলি বিশ্বাস কৰা হয়। এই উৎসৱত দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা কৰা হয়। সন্ধিয়া ঘৰৰ চুক-কোণে মাটিৰ চাকি জ্বলাই পৰিৱেশ পোহৰাই তোলা হয়। বহু লোকেই এই দিনটোত অখণ্ড জ্যোতি জ্বলায়। ধৰ্মীয় বিশ্বাস অনুসৰি, চাকিৰ পোহৰে কেৱল আন্ধাৰ দূৰ কৰাই নহয়, জীৱনলৈ ইতিবাচকতা, সুখ আৰু সমৃদ্ধিও কঢ়িয়াই আনে।
দীপাৱলীত চাকিৰ তলত ৰাখক এই ৩টা বস্তু
জ্যোতিষী অখিলেশ পাণ্ডেৰ মতে, দীপাৱলীত মাটিৰ চাকি জ্বলোৱাৰ আগতে তাৰ তলত কিছুমান বিশেষ বস্তু ৰখাটো শুভ বুলি গণ্য কৰা হয়। এই বস্তুসমূহৰ ভিতৰত লাই, বতাছা আৰু গোলাপৰ পাহি উল্লেখযোগ্য।
১. লাই
ধানৰ পৰা তৈয়াৰী লাই খাদ্য, ভাল শস্য উৎপাদন আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, দীপাৱলীত চাকিৰ তলত লাই ৰাখিলে ঘৰলৈ সুখ-সমৃদ্ধি আৰু আশীৰ্বাদ আহে। লগতে ই ভাল শস্য আৰু খাদ্যৰ যোগানৰ প্ৰতীক বুলিও বিশ্বাস কৰা হয়।
২. বতাছা
দীপাৱলীৰ পূজাত বতাছা ব্যৱহাৰ কৰাটো এক পৰম্পৰাগত ৰীতি। ধৰ্মীয় বিশ্বাস অনুসৰি, বতাছা দেৱী লক্ষ্মীৰ প্ৰিয় প্ৰসাদ হিচাপে গণ্য কৰা হয়। সেয়েহে লক্ষ্মী পূজাত বতাছা আগবঢ়োৱাটো শুভ বুলি বিশ্বাস কৰা হয়। চাকিৰ তলত বতাছা ৰাখিলেও ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে বুলি বহুতে বিশ্বাস কৰে।
৩. গোলাপৰ পাহি
গোলাপৰ পাহি প্ৰেম, সৌন্দৰ্য আৰু পৱিত্ৰতাৰ প্ৰতীক। দেৱী লক্ষ্মীৰ পূজাত গোলাপৰ পাহি আগবঢ়োৱাৰ পৰম্পৰা আছে। ধৰ্মীয় বিশ্বাস অনুসৰি, দীপাৱলীত চাকিৰ তলত গোলাপৰ পাহি ৰাখিলে ঘৰখনত ইতিবাচক পৰিৱেশ সৃষ্টি হয় আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা যায়।
৪ চাউল
দীপাৱলীত মাটিৰ চাকিৰ তলত চাউল ৰখাটোও এক শুভ পৰম্পৰা হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মত চাউলক ‘অক্ষত’ বুলি কোৱা হয়। পূজা-অৰ্চনাত চাউলৰ বিশেষ গুৰুত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি, চাউলক পৱিত্ৰতা, পূৰ্ণতা আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। দীপাৱলীৰ দিনা চাকিৰ তলত চাউল ৰাখিলে ঘৰলৈ খাদ্য আৰু ধনৰ অভাৱ নহয় বুলি বিশ্বাস কৰা হয়। লগতে পৰিয়ালৰ সদস্যসকলৰ মাজত শান্তি, সুখ আৰু সম্প্ৰীতি বজাই থাকে বুলিও ধাৰণা কৰা হয়।
সুখ-সমৃদ্ধিৰ প্ৰতীক দীপাৱলীৰ চাকি
দীপাৱলীত চাকি জ্বলোৱাটো কেৱল এক পৰম্পৰা নহয়, ই আন্ধাৰৰ পৰা পোহৰলৈ, নেতিবাচকতাৰ পৰা ইতিবাচকতালৈ যাত্ৰাৰ প্ৰতীক। লাই, বতাছা, গোলাপৰ পাহি আৰু চাউলৰ দৰে সামগ্ৰী পূজাৰ সৈতে জড়িত হৈ আহিছে। উল্লেখ্য যে, এই সকলোবোৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ ওপৰত আধাৰিত। ইয়াৰ ফলত সুখ-সমৃদ্ধি নিশ্চিত হয় বুলি কোনো বৈজ্ঞানিক প্ৰমাণ নাই। তথাপিও দীপাৱলীৰ এই পৰম্পৰাসমূহে মানুহৰ মাজত ভক্তি, আনন্দ আৰু পাৰিবাৰিক সম্প্ৰীতিৰ অনুভূতি বৃদ্ধি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















