উত্তৰ প্ৰদেশৰ উৰাইত সংঘটিত এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ডই পিতৃ-পুত্ৰৰ সম্পৰ্কক লৈ সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। যিজন পিতৃয়ে নিজৰ পুত্ৰক মদৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছিল, সেইজন পিতৃয়েই অৱশেষত পুত্ৰৰ হত্যাৰ ষড়যন্ত্ৰ ৰচিলে বুলি অভিযোগ উঠিছে। আৰক্ষীৰ তথ্য অনুসৰি, পুত্ৰৰ মদৰ আসক্তিত অতিষ্ঠ হৈ পিতৃয়ে আন তিনিজন লোকৰ সৈতে মিলি হ*ত্যাৰ পৰিকল্পনা কৰিছিল। এই হ*ত্যাকাণ্ডৰ বাবে তিনিজন লোকক ৩ লাখ টকাৰ ছুপাৰি দিয়াৰ কথাও পোহৰলৈ আহিছে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত মৃতকৰ পিতৃসহ মুঠ চাৰিজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
কিহৰ বাবে পুত্ৰৰ হত্যাৰ ষড়যন্ত্ৰ পিতৃৰ?
আৰক্ষীৰ তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ উৰাইৰ তেল ব্যৱসায়ী ৰছিদৰ পুত্ৰ ৰইছ মদৰ আসক্ত আছিল। পুত্ৰৰ এই অভ্যাসৰ বাবে পৰিয়ালৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। কিছুদিন পূৰ্বে ৰছিদে পুত্ৰ ৰইছক মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এটা নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছিল।
কিন্তু অভিযোগ অনুসৰি, পুত্ৰৰ মদৰ আসক্তিত অতিষ্ঠ হৈ ৰছিদে তেওঁক হ*ত্যাৰ পৰিকল্পনা কৰে। এই ষড়যন্ত্ৰত তেওঁ আমজাদ খান, ছানু খান আৰু ইছমাইল নামৰ তিনিজন লোকক জড়িত কৰে। পুত্ৰক হ*ত্যাৰ বিনিময়ত তিনিওজনক ৩ লাখ টকা দিয়াৰ চুক্তি কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ২৬ অক্টোবৰত ৰছিদ গোৱালিয়ৰলৈ যায় আৰু নিচামুক্তি কেন্দ্ৰৰ পৰা পুত্ৰ ৰইছক বাহিৰলৈ উলিয়াই আনে। তাৰ পিছত তেওঁ পুত্ৰক গোৱালিয়ৰৰ ছিৰোল অঞ্চললৈ লৈ যায়। সেই স্থানতে এখন গাড়ীত আমজাদ খান, ছানু খান আৰু ইছমাইল উপস্থিত আছিল।
অভিযোগ অনুসৰি, ৰছিদে নিজৰ পুত্ৰক তিনিওজন লোকৰ হাতত গতাই দিয়ে। তাৰ পিছত তেওঁ বাছত উঠি উৰাইলৈ উভতি যায়। আনহাতে, তিনিওজন অভিযুক্তই ৰইছক শ্বাসৰুদ্ধ কৰি হ*ত্যা কৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
হ*ত্যাকাণ্ড সংঘটিত কৰাৰ পিছত অভিযুক্তসকলে ৰইছৰ মৃ*তদেহটো এটা বস্তাত ভৰাই থয়। আৰক্ষীৰ তথ্য অনুসৰি, মৃ*তদেহটোৰ সৈতে বস্তাত নিমখ আৰু ডিটাৰজেণ্টো ৰখা হৈছিল। তাৰ পিছত মধ্যপ্ৰদেশৰ ভিণ্ড জিলাৰ দেহাত থানা এলেকাৰ মানপুৰা গাঁৱৰ ওচৰত পথৰ কাষত বস্তাটো পেলাই দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















