দেশত পুনৰবাৰ অনুভূত হৈছে ভূমিকম্পৰ কম্পন। আজি অৰ্থাৎ মঙলবাৰে অৰুণাচল প্ৰদেশত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। অৰুণাচল প্ৰদেশৰ পৃথিৱী কঁপাই ৰাইজৰ মাজত আতংকই বিৰাজ কৰে। পুৱা অৰুণাচলৰ কুৰুং কুমেই জিলাত সংঘটিত হয় ভূমিকম্প। ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত প্ৰাৱল্য ৩.০ । একে সময়তে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰতো ভূমিকম্পৰ কম্পন অনুভৱ হয়। ইয়াত ভূমিকম্পৰ তীব্ৰতা ৩.১ বুলি ৰেকৰ্ড কৰা হৈছে। বৰ্তমান এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।
আজি পুৱা অৰুণাচল প্ৰদেশৰ কুৰুং কুমেয়ত ভূমিকম্প
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি যোৱা ৩ নৱেম্বৰ মঙলবাৰে পুৱা ৬:৪৩:১৬ বজাত অৰুণাচল প্ৰদেশত ভূমিকম্পৰ সৃষ্টি হয়। অৰুণাচল প্ৰদেশৰ কুৰুং কুমেয় জিলাত সংঘটিত হৈছে। ইয়াৰ মাত্ৰা ৰিখটাৰ স্কেলত ৩.০ । মাটিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ তলত আছিল এই ভূমিকম্পৰ কেন্দ্ৰটো। অৱশ্যে কোনো বৃহৎ ক্ষতিৰ খবৰ পোৱা নাই।
জম্মু-কাশ্মীৰৰ কিষ্টৱাৰতো ভূমিকম্প
অৰুণাচল প্ৰদেশৰ পূৰ্বে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। সোমবাৰে নিশা ১০:৫৬ বজাত কিস্তৱাৰত ভূমিকম্পৰ সৃষ্টি হয়। ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.১ জুখিছিল। জম্মু-কাশ্মীৰত কোনো লোকৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















