ভাৰতীয় সংগীত জগতৰ এক অবিস্মৰণীয় প্ৰতিভাৰ নাম লতা মংগেশকাৰ। ৪০ৰ দশকৰ পৰা লতা মংগেশকাৰৰ কণ্ঠই মোহাচ্ছন্ন কৰি ৰাখিছে প্ৰতিজন সংগীপ্ৰেমীক। ভাৰতীয় সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা বৰণ্যে অৱদানৰ বাবে তেওঁক কোৱা হৈছিল কোকিলকণ্ঠী গায়িকা, মেলডি কুইন। মূলত হিন্দী আৰু মাৰাঠী ভাষা গীত পৰিৱেশন কৰা উপৰি দেশী-বিদেশী ৩৬টা ভাষাত গীত গাইছিল লতা দিদিয়ে।
তেওঁ প্ৰায় ৩৫ হাজাৰ গীতত কণ্ঠ নিগৰাইছিল। ১৯৪২ চনত ১৩ বছৰ বয়সতে মাৰাঠী চলচ্চিত্ৰত গীত গাইছিল কোকিলকণ্ঠী গায়িকাগৰাকীয়ে। ১৯৪৩ চনত প্ৰথমটো হিন্দী গীত বাণীবদ্ধ কৰিছিল গায়িকাগৰাকীয়ে। ১৯৬৯ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল লতা মংগেশকাৰ। ১৯৯৯ চনত বিভূষিত হৈছিল পদ্ম বিভূষণ সন্মানেৰে। কোকিলকণ্ঠী গায়িকাগৰাকীক ২০০১ চনত প্ৰদান কৰা হৈছিল ‘ভাৰতৰত্ন’ সন্মান। তেওঁ ৩বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ১৯৮৯ চনত লাভ কৰিছিল ‘দাদা চাহেব ফাল্কে’ বঁটা। ২০০৯ চনত লাভ কৰিছিল ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ