অন্তিম টেষ্টৰ বাবে দলৰ পৰিৱৰ্তন, নতুন খেলুৱৈৰ হঠাতে এন্ট্ৰী
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া খেলৰ ইতিমদ্যে ৪ খন সমাপ্ত হৈছে। য’ত ইংলেণ্ডে দুখন মেচত জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভ কৰিছে , আনহাতে টিম ইণ্ডিয়াই এখন মেচত জয়লাভ কৰিছে আৰু এখন মেচ ড্ৰ’ হৈছে। অৰ্থাৎ এতিয়া শেষৰখন মেচেই ছিৰিজৰ ফলাফল নিৰ্ণয় কৰিব।
ইফালে, শেষৰকন টেষ্টৰ পূৰ্বে ইংলেণ্ডে দলত নতুন খেলুৱৈক প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে। এইবাৰ দলত স্থান পাইছে জিমি অভাৰটনে। অৱশ্যে দলৰ পৰা বৰ্তমানলৈ বাদ দিয়া নাই কোনো খেলুৱৈক।
ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে ভাৰত আৰু ইংলেণ্ডৰ মাজত পঞ্চমখন টেষ্টৰ বাবে নিজৰ দল ঘোষণা কৰিছে। দলৰ পৰা কাকো বাদ দিয়া হোৱা নাই যদিও জিমি অভাৰটন নতুনকৈ প্ৰৱেশ কৰিছে। এতিয়া দলটোত মুঠ ১৫ জন খেলুৱৈ আছে।
জিমি অভাৰটন এজন অল ৰাউণ্ডাৰ খেলুৱৈ হিচাপে পৰিচিত। জিমিয়ে টেষ্ট কেৰিয়াৰত এতিয়ালৈকে মাত্ৰ এখন মেচহে খেলিছে। ইংলেণ্ডৰ হৈ জিমিয়ে এতিয়ালৈকে ৬খন এদিনীয়া আৰু ১২খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।
জিমি অভাৰটনে ২০২২ চনৰ জুন মাহত টেষ্টত অভিষেক ঘটাইছিল, কিন্তু তাৰ পিছৰ পৰা কোনো টেষ্ট খেলাৰ সুযোগ পোৱা নাই। এতিয়া দললৈ অহাৰ পিছত পৰৱৰ্তী টেষ্ট খেলিব পাব নে কেৱল দলত নাম অন্তুৰ্ভুক্ত হৈয়ে থাকি যাব সেয়া হ’ব লক্ষ্যণীয়।
আনহাতে ভাৰতীয় দলটো সাল-সলনি হোৱাৰ পূৰ্ণ সম্ভৱনা। কাৰণ ঋষভ পন্ত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেওঁ পৰৱৰ্তী টেষ্টৰ পৰা আঁতৰি আছে, এতিয়া পণ্টৰ ঠাইত কোনে খেলাৰ সুযোগ পায় সেয়া সময়তহে দেখা যাব। উল্লেখ্য যে, পৰৱৰ্তী তথা ভাৰত-ইংলেণ্ডৰ অন্তিমখন মেচ ৩১ জুলাইৰ পৰা আৰম্ভ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















