অসম লাইভ ২৪ঃ অৱশেষত কিশোৰৰ বাবে কোভিড ভেকচিনক সেউজ সংকেত প্ৰদান কৰিলে ইউৰোপীয়ান ইউনিয়নে। এতিয়াৰে পৰা ১২-১৫ বছৰ বয়সৰ কিশোৰে গ্ৰহণ কৰিব পাৰিব কোভিড ভেকচিন ফাইজাৰ। আমষ্টাৰদামৰ ইউৰোপীয়ান মেডিচিন এজেন্সিৰ মতে, ফাইজাৰ ভেকচিন কিশোৰে গ্ৰহণ কৰিব পৰাকৈ ‘ৱেল টলাৰেটেড’ আৰু পাৰ্শ্বক্ৰিয়াৰ ক্ষেত্ৰতো কোনোধৰণৰ উদ্বেগজনক তথ্য নাই। এই পদক্ষেপে ইউৰোপৰ ভেকচিনেচন অভিযানক উৎসাহিত কৰিব। অহা মাহৰ পৰা জাৰ্মানীয়ে ১২ বছৰ ঊৰ্ধ্বৰ শিশুক ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ইতিমধ্যেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাই কিশোৰৰ বাবে ফাইজাৰ ভেকচিনক অনুমোদন জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ