৪ দিন ধৰি ৭০০ ফুট দ’ গাঁতত আৱদ্ধ ৩ বছৰীয়া চেতনা, খাদ্য-পানী এৰাৰ ফলত মাতৃয়ো অসুস্থ
ৰাজস্থানৰ এক ঘটনাই এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। এটি ৩ বছৰীয়া কন্যা শিশুৰ দুৰৱস্থাই বিভিন্ন জনৰ চকুলৈ আনিছে চকুলো। ৭০০ ফুট এটা গভীৰ গাঁতত বিগত ৪ দিন ধৰি আৱদ্ধ হৈ আছে চেতনা নামৰ এটি শিশু।
ৰাজ্যখনৰ কোটপুতলীৰ কিৰাটপুৰা অঞ্চলৰ বদিয়ালী ধনীত দুপৰীয়া প্ৰায় ১:৫০ বজাত তিনি বছৰীয়া কন্যা চেতনা ব’ৰৱেলত পৰি যায়। প্ৰায় ১০ মিনিটৰ পিছত পৰিয়ালে ছোৱালীজনীৰ কান্দোন জানিব পাৰে যে শিশুটি ব’ৰৱেলত পৰি গৈছে। লগে লগে পৰিয়ালৰ লোকে প্ৰশাসনক খবৰ দিয়ে।
খবৰ লাভৰ পাছতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সৈতে প্ৰশাসনৰ দল উপস্থিত হয়। চিকিৎসকৰ দলো স্থানত উপস্থিত হয়। পাইপৰ জৰিয়তে শিশুটিক অক্সিজেন যোগান ধৰা হয়। সন্ধিয়াৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। নিশা ৩ বজালৈকে শিশুটিক উদ্ধাৰৰ চেষ্টা কৰিয়ো সফল নহয়।
তেনেদৰে ৩ দিন ধৰি বহু চেষ্টা কৰিয়ো আজি পৰ্যন্ত সফল হব পৰা নাই উদ্ধাৰকাৰী দল। প্ৰতিবাৰেই কেৱল বিফলতা। যাৰ বাবে এতিয়া ৰেট-মাইনাৰ্ছৰ ওপৰত শেষ ভৰষা । ৰেট মাইনাৰ্চ উদ্ধাৰকাৰী দলে পূৰ্বেও এনে বহু দুঃসাহসিক কাম সমাপন কৰিছে। সেয়ে সকলোৱে এতিয়া শেষ ভৰষা ৰাখিছে ৰেট মাইনাৰ্ছ দলটোৰ ওপৰত।
আনহাতে শিশুটি বৰৱেলত পৰাৰ পাছৰে পৰা শোকতে মাতৃয়েও খাদ্য-পানী ত্যাগ কৰিছে। বৰ্তমানে অৱস্থা বেয়া হৈ পৰাত চিকিৎসাৰ ব্যৱস্থা কৰিব লগা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ