• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰ্ধক্যজনিত কাৰণত পিতৃ অসুস্থ! পুত্ৰৰ দায়িত্ব পালনত ব্যস্ত প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত

বাৰ্ধক্যজনিত কাৰণত পিতৃ অসুস্থ! পুত্ৰৰ দায়িত্ব পালনত ব্যস্ত প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত

3 years ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

45 minutes ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

1 hour ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

2 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

3 hours ago
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

3 hours ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

4 hours ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

5 hours ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

6 hours ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

7 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

7 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

8 hours ago
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বাৰ্ধক্যজনিত কাৰণত পিতৃ অসুস্থ! পুত্ৰৰ দায়িত্ব পালনত ব্যস্ত প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত

editor by editor
February 18, 2023
in অসম, জীৱনশৈলী
0
বাৰ্ধক্যজনিত কাৰণত পিতৃ অসুস্থ! পুত্ৰৰ দায়িত্ব পালনত ব্যস্ত প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত
0
SHARES
40.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাৰ্ধক্যজনিত কাৰণত প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ পিতৃ চিকিৎসাধীন হৈ আছে। কিছুদিন ধৰি ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰি ৰখাৰ পাছতেই ঘৰলৈ লৈ যোৱা হৈছে তেওঁৰ পিতৃক। সামাজিক মাধ্যমযোগে পিতৃৰ অসুস্থতাৰ খবৰ জনাই লিখিছে এটা বিশেষ ফেছবুক পোষ্ট। লগতে শ্বেয়াৰ কৰিছে এটা ভিডিঅ’ও।

প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তই লিখিছে, ‘দেতিৰ গাটো বেয়া। বাৰ্ধক্যজনিত অসুস্থতা। মাজতে কিছুদিন ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালতো থাকি আহিল। বৰ্তমান আমাৰ কোঁৱৰপুৰৰ ঘৰতে চিকিৎসক গোটৰ পৰামৰ্শ তথা চিকিৎসা আৰু ঘৰুৱা যতনৰ মাজত দেতিয়ে সময় পাৰ কৰিছে। শাৰীৰিক সুস্থতাৰ সূচকাংকবোৰ ক্ৰমাৎ সন্তোষজনক হৈ আহিছে যদিও পৰম ব্ৰহ্মৰ সৈতে একাত্ম হৈ পৰাৰ, পৰমাত্মাৰ সৈতে বিলীন হৈ যোৱাৰ বাসনাই দেতিক যেন ক্ৰমাৎ অস্থিৰ কৰি তুলিছে। ওৰেটো জীৱন গুৰু দুজনাৰ একান্ত সেৱক হিচাপে ঈশ্বৰপ্ৰাপ্তিৰ সাধনা কৰা দেতি এতিয়া এনে এক স্তৰত উপনীত হৈছে, য’ত বৈষয়িক কথা-বতৰাৰ কোনো স্থান নাই, আছে কেৱল সমৰ্পিত মনোভাব।

অৱসৰৰ পিছত বেছিভাগ সময় দেতিৰ কাষতে আছো। এৰি অহা দিনৰ অলেখ স্মৃতিয়ে এইকেইদিন মনটো ভাৰাক্ৰান্ত কৰি ৰাখিছে। বাৰে বাৰে মনলৈ আহিছে- দেতিয়ে সৰুতে আমাক “দ্য আছাম ট্ৰিবিউন”ৰ হেডলাইন পঢ়িবলৈ দিয়া, বক্তৃতা দিবলৈ শিকোৱা, তৰ্ক প্ৰতিযোগিতালৈ সাজু কৰা, “গুণমালা”খন সদায় মুখস্থ মাতিবলৈ বাধ্য কৰা, খোল বজাবলৈ শিকোৱা, অভিনয় কৰিবলৈ শিকোৱা সেই দিনবোৰৰ কথা।
ভাইটি অমৰৰ সৈতে কালি নিশা দেতিৰ ওচৰত বহি খোল বজালো। দেতিয়ে তাল সংগত কৰিলে। মুহূৰ্তৰ বাবে দেতিক তাহানিৰ দেতি যেন লাগিল আৰু নিজকো সৰু কালৰ ৰণ্টু যেন অনুভৱ হ’ল। মুহূৰ্তৰ বাবে পাহৰি পেলালো দেতিৰ বয়স বৰ্তমান ৯২ বছৰ আৰু আমাৰ বয়স ৬০। (দেতিৰ অনুশাসনৰ সুৰটো আজিও একে আছে। একে আছে দেতিৰ প্ৰতি থকা আমাৰ ভয়ো। সেয়ে নিশা খোল বজোৱাৰ পূৰ্বে দিনৰ ভাগত অনুশীলন কৰি ল’বলৈ পাহৰা নাছিলো। কিজানিবা ভুল হয়! কিজানিবা দেতিয়ে গালি পাৰে!)’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?
জীৱনশৈলী

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

July 20, 2026
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

July 20, 2026
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?
জীৱনশৈলী

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

July 20, 2026
Next Post
কেছলেছ লেনদেনত শীৰ্ষত ভাৰত! বিদেশ মন্ত্ৰীয়ে কৈছে, প্ৰধানমন্ত্ৰী মোদীৰ বাবেই এই সাফল্যৰ মুখ দেখিলে ভাৰতে

কেছলেছ লেনদেনত শীৰ্ষত ভাৰত! বিদেশ মন্ত্ৰীয়ে কৈছে, প্ৰধানমন্ত্ৰী মোদীৰ বাবেই এই সাফল্যৰ মুখ দেখিলে ভাৰতে

জন্মৰ পাছতেই পিতৃ-মাতৃয়ে পেলাই থৈ গৈছিল! আফগান শিশুক পাছপৰ্ট দিয়াৰ নিৰ্দেশ আদালতৰ

জন্মৰ পাছতেই পিতৃ-মাতৃয়ে পেলাই থৈ গৈছিল! আফগান শিশুক পাছপৰ্ট দিয়াৰ নিৰ্দেশ আদালতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.