অসম লাইভ২৪ঃ কেছলেছ লেনদেনত বিশ্বৰ ভিতৰতেই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে। অষ্ট্ৰেলিয়াৰ এক আলোচনা সভাত এই দাবী কৰিছে কেন্দ্ৰীয় বিদেশমন্ত্ৰী এছ জয়শংকৰে। ৰাইছিনা-চিডনি বিজনেছ ব্ৰেকফাষ্টত এই মন্তব্য কৰিছে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে।
জয়শংকৰে কয়, ‘আপুনি যদি আমাৰ নগদবিহীন লেনদেন বা কেছলেছ নীতিৰ নিৰ্দিষ্ট ইউপিআই আইডিলৈ লক্ষ্য কৰে তেন্তে দেখিব আমি বিশ্বৰ সকলোতকৈ বেছি সংখ্যক নগদহীন লেনদেনৰ ৰেকৰ্ড নিৰ্মাণ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে অনা কেছলেছ নীতিয়ে দেশলৈ আমূল পৰিবৰ্তনো আনিছে। মানুহৰ মানসিকতাত প্ৰযুক্তিৰ প্ৰভাৱ পৰিছে। ডিজিটেল লেনদেনৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাক কেন্দ্ৰইয়ো বিশেষ গুৰুত্ব আৰোপ কৰিছে।’
ইয়াৰোপৰি জয়শংকৰে কয়, আমি জনতাক কেছলেছ নীতি পালন কৰিবলৈ উৎসাহিতও কৰি আহিছো। ২০১৬ চনৰ ৮ নৱেম্বৰৰ পৰা ভাৰতীয় অৰ্থব্যৱস্থাত আমূল পৰিবৰ্তন আহিছে। তাৰপাছৰে পৰাই বাঢ়িছে ডিজিটেল লেনদেন। কিউআৰ কোড স্কেন কৰি অথবা নিৰ্দিষ্ট ইউপিআইৰ মাধ্যমেৰে এটা বেংক একাউণ্টৰ পৰা আন এটা বেংক একাউণ্টলৈ ধন লেনদেন কৰা হয়। গুগল পে, ফোন পে, পেটিএম স্কেন কৰিয়েই এই লেনদেন কৰি আহিছে দেশবাসীয়ে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ