বিগত সময়চোৱাত মাজে মাজে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে ঐশ্বৰ্য ৰায় বচ্চন আৰু ছলমান খানৰ অসমাপ্ত প্ৰেমৰ বিভিন্ন কাহিনী৷ সঞ্জয়লীলা ভাঞ্চালীৰ ‘হাম দিল দে চুকে চনম’ ছবিৰ সেই চেটৰ পৰাই আৰম্ভ হৈছিল নায়ক-নায়িকাৰ প্ৰেম৷ সেই সময়ত ভাইজান অন্য এগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল৷
সেই সময়ত ঐশ্বৰ্যৰ প্ৰতি দুৰ্বলতা অনুভৱ কৰিছিল নায়কে৷ তেতিয়া তেওঁ চুমি আলিৰ সৈতে সম্পৰ্কত আছিল৷ সম্প্ৰতি এক সাক্ষাৎকাৰত সেই পুৰণি দিনৰ ঘটনাৰ কথা জনাইছে ভাইজানৰ প্ৰাক্তন প্ৰেমিকাই৷ তেওঁ জনাইছে সম্পৰ্কত থাকোতে কেনে আছিল ভাইজান?
ছলমানৰ ঘৰ অৰ্থাৎ গেলেক্সিৰ জিমত হঠাৎ আগিবলৈ আৰম্ভ কৰিছিল ঐশ্বৰ্য৷ তেতিয়া বিষয়টো ভালেই লাগিছিল চুমিৰ৷ বুজিব পাৰিছিল লাহে লাহে৷ তেওঁলোকৰ সম্পৰ্কৰ মাজলৈ তৃতীয় ব্যক্তিৰ আগমন ঘটিছে৷ সঞ্জয়ৰ ছবিৰ শ্বুটিঙৰ সময়ৰে পৰাই দূৰত্ব বাঢ়ে ছলমান আৰু চুমিৰ৷ তেওঁ কয়, ‘শ্বুটিঙৰ সময়ত মই এবাৰ ছলমানলৈ ফোন কৰিছিলো৷ কিন্তু সি ফোন নধৰিলে৷ তেতিয়া মই সঞ্জয়ক ফোন কৰো৷ তেওঁ কয় যে ছলমান তেতিয়া শ্বুটিঙত নাই৷ শ্বুটিঙতো নাই কিন্তু ফোনো নধৰে এয়া কেনেধৰণৰ কথা?’
সেই সময়ত ছলমান আৰু চুমি লিভ ইন ৰিলেছনশ্বিপত আছিল৷ সেই সময়তেই ঐশ্বৰ্যৰ সৈতে নিয়মিত লগ কৰিবলৈ লৈছিল ভাইজানে৷ তেওঁলোক দুয়োৰে মাজত যি সম্পৰ্ক তৈয়াৰ হৈছিল ঘৰৰ পৰা পৰিচালকলৈকে সকলোৱে গম পাইছিল এই কথা৷ চুমিয়ে তেতিয়া কয়, ‘বুজিব পাৰিলো এইবাৰ মোৰ ছলমানৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ সময় আহিছে৷’ উল্লেখ্য যে ছলমান আৰু ঐশ্বৰ্যৰ সম্পৰ্কও ভাঙি গৈছিল ২০০২ চনত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ