অসম লাইভ২৪ঃ নিশা ঘন টোপনিৰ পাছতো দিনটো হামিয়াই থাকে৷ এয়া কোনো বাদ দিয়া বিষয় নহয়৷ স্লীপ ফাউণ্ডেছনৰ তথ্য অনসৰি এজন প্ৰাপ্তবয়স্ক মানুহৰ দিনটোত ৫-১০ বাৰকৈ হামি আহে৷ কিছুসংখ্যকৰ ক্ষেত্ৰত হামি বেছিকৈয়ো আহে৷ টোপনি নহ’লে হামি অহাটো স্বাভাৱিক যদিও অনবৰতে হামিয়াই থকাটো কিন্তু স্বাভাৱিক নহয়৷ শৰীৰত কি কি অসুবিধা থাকিলে অনবৰত হামি আহি থাকে?
স্নায়ুৰ সমস্যা
স্নায়ুগত সমস্যা থাকিলেও ঘনাই হামি আহি থাকে৷ ডিমেনচিয়াৰো লক্ষণ হ’ব পাৰে হামি অহাটো৷ অতিৰিক্তভাৱে হামি আহি থাকিলে বিষয়টো লৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজন৷
শৰীৰৰ তাপমাত্ৰা বাঢ়ি যোৱা
পৰ্যাপ্ত পৰিমানে টোপনি হোৱাৰ পাছতো হামি অহাৰ আন এক কাৰণ হ’ল শৰীৰৰ তাপমাত্ৰা বাঢ়ি যোৱা৷ শৰীৰৰ তাপমাত্ৰা বাঢ়ি গ’লে মস্তিষ্কৰ তাপমাত্ৰাও বাঢ়ি যায়৷ এনেদৰে তাপমাত্ৰা বাঢ়ি গ’লে হামি আহিব পাৰে৷ এনেদৰে ঘনাই হামি আহিলে ঠাণ্ডা পানী খাব পাৰে৷
হাৰ্ট এটেকৰো লক্ষণ
অত্যাধিক হামি অহাতো হাৰ্ট এটেকৰো লক্ষণ৷ হামিৰ স্নায়ুৰ সৈতে সমৰ্ক থাকে৷ চিকিৎসকে জনোৱা অনুসৰি হৃদপিণ্ডৰ চাৰিওফালে ৰক্তক্ষৰণ হ’লেও ঘনাই হামি আহে৷ একোজন হাৰ্টৰ ৰোগীয়ে এইক্ষেত্ৰত অধিক সতৰ্ক হ’ব লাগে৷ ষ্ট্ৰোকৰ আগজাননিও এই হামি অহাটো৷ বিশেষকৈ শৰীৰচৰ্চা কৰাৰ সময়ত যদি অত্যাধিক হামি আহে তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা আছে৷ সেয়ে তৎকালেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ