অসম লাইভ ২৪ঃ পুৰণি ২টকীয়া মুদ্ৰাই সলনি কৰিব আপোনাৰ ভাগ্য৷ এনেধৰণৰ মুদ্ৰা যদি আপোনাৰ হাততো আছে তেন্তে শীঘ্ৰেই যোগাযোগ কৰক নিৰ্দিষ্ট ৱেবচাইটত৷ এনেধৰণৰ পুৰণি ২টকীয়া মুদ্ৰাৰ বৰ্তমানৰ মূল্য ৫ লাখ টকা পৰ্যন্ত৷
বৰ্তমান সময়ত পুৰণি নোট বা মুদ্ৰা ধন ঘটাৰ এক অন্যতম উৎসলৈ পৰিণত হৈছে৷ লাখ টকাৰ বিনিময়ত বিভিন্ন কোম্পানীয়ে ক্ৰয় কৰিব বিচাৰে কিছু বিশেষ মুদ্ৰা বা নোট৷ তথ্য অনুসৰি, ১৯৯৪ চনত ভাৰত চৰকাৰে মুকলি কৰা ২ টকীয়া মুদ্ৰা য’ত খোদিত কৰা আছে ভাৰতৰ জাতীয় পতাকা৷ সেই বিশেষ মুদ্ৰাটোৰ বৰ্তমানৰ মূল্য হৈছে ৫ লাখ টকা৷ বহু লোকে ইতিমধ্যে অনলাইনত বিক্ৰী কৰিছে এই মুদ্ৰা৷ কেৱল অনলাইনতহে বিক্ৰী আৰু ক্ৰয় কৰিব পাৰিব এই মুদ্ৰা৷
নিৰ্দিষ্ট ৱেৱচাইটত হৈ আপোনাৰ মুদ্ৰাৰ বিক্ৰীৰ বাবে এখন তালিকা প্ৰস্তুত কৰি তাতেই মুদ্ৰাটোৰ এখন ফটো আপলোড কৰিব লাগিব৷ আৰু ফটোখনৰ ভিত্তিত আগ্ৰহী সংস্থাই যোগাযোগ কৰিলে আপুনি ইচ্ছানুসাৰে বিক্ৰী কৰিব পাৰিব আপোনাৰ মুদ্ৰা৷ এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াভাৱে জাৰি কৰিছে এক নিৰ্দেশনা৷ নিৰ্দেশনা অনুসৰি, বিভিন্ন সংস্থাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ল’গ’ আৰু নাম ভুৱাকৈ ব্যৱহাৰ কৰি ক্ৰয়-বিক্ৰয় সংক্ৰান্ত কামত জালিয়াতি কৰাৰ কথা বিভিন্ন সময়ত পোহৰলৈ আহিছে৷ গতিকে এনেধৰণৰ ভুৱা সংস্থাৰ জালত নপৰিবলৈ আহ্বান জনাইছে জনসাধাৰণক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ