অসম লাইভ ২৪ঃ বিশ্বৰ বিভিন্ন ঘটনা-পৰিঘটনাই বিভিন্ন সময়ত ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে বিভিন্নজনৰ মনত। কেতিয়াবা সৰু সৰু ঘটনায়ো পিছলৈ ৰূপ কথাৰ ৰূপ লৈ এক ডাঙৰ ঘটনাৰ ৰূপ পাই বিভিন্নজনৰ মনত। আজি সামান্য যেন লগা ঘটনাই পিছলৈ অসামান্য ঘটনা হৈ পৰাৰ বিভিন্ন উদাহৰণ আছে। ইটালীৰ সেই সময়ত তেনেই সৰু যেন লগা ঘটনা এটাই এতিয়া অৰ্ধশতিকাৰ পিছত এক বৃহৎ ঘটনাৰ ৰূপ পাইছে।
আপুনি দেখা ছবিখন এখন নতুন ছবি কিন্তু সেই বিশেষ গাড়ীখন আৰু সেই বিশেষ স্থানটো অতি পুৰণি। অতি পুৰণি মডেলৰ ইটালীৰ ‘Lancia Fulvia Berlina’ নামৰ এই গাড়ীখন এই স্থানতে পাৰ্কিং কৰা হৈছিল ১৯৭২ চনত। কিন্তু বৰ্তমান সময়লৈকে এই গাড়ীখনৰ সামান্যতমো লৰচৰ কৰা নাই গাড়ীখনৰ স্বতাধিকাৰীগৰাকীয়ে। একেটা ঠাইতে প্ৰায় অৰ্ধশতিকাধিক কাল ধৰি পৰি ৰোৱা এই গাড়ীখন এতিয়া ইটালীলৈ যোৱা পৰ্যটকৰ বাবে অন্যতম মুখ্য আৰ্কষণ।
প্ৰতিগৰাকী পৰ্যটকে একপি ফটো উঠাৰ ইচ্ছা কৰে এই পুৰণি গাড়ীখনৰ সৈতে। সেয়েহে আমাৰ চৌপাশৰ সৰু সৰু ঘটনাইয়ো কেতিয়াবা ডাঙৰ ঘটনাৰ ৰূপ পায় পিছলৈ। সঁচাকৈ কাৰ লগত কেতিয়া কি ঘটিব পাৰে কোনেও নাজানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ