লোকসভা নিৰ্বাচনত শেষ কৰি ছুটী কটাবলৈ ঘৰলৈ আহিছিল৷ কেইদিনমান ছুটী কটাই আকৌ কৰ্মস্থলীলৈ উভতি যোৱাৰ সময়তে ঘটিল দুৰ্ঘটনা৷ উভতি গৈ আকৌ আবকাৰি দপ্তৰৰ অফিচাৰৰ চকীখনত বহা নহ’ল কেলেব ছুব্বাৰ৷ কামত যোগ দিবলৈকে অভিশপ্ত কাঞ্চনজংঘা এক্সপ্ৰেছত উঠিছিল কেলেব৷ সোমবাৰে হোৱা ভয়াবহ ৰে’ল দুৰ্ঘটনাত শেষ হৈ গ’ল কেলেবৰ জীৱন৷
লোকসভা নিৰ্বাচনৰ বাবে নিজৰ হোম ডিষ্ট্ৰিক্ট এৰি মাত্ৰ তিনি মাহ পূৰ্বে মালদহৰ মানিকচকত পোষ্টিং হৈছিল কেলেব ছুব্বাৰ৷ নিৰ্বাচনত শেষ কৰি ছুটীত দাৰ্জিলিঙৰ নিজা ঘৰলৈ গৈছিল মালদহৰ মানিকচক জোনৰ আবকাৰী অফিচাৰ কেলেব৷ কাৰ্যালয়ত যোগদানৰ বাবে আহোঁতে তেওঁ কাঞ্চনজংঘাৰ জেনেৰেল ডবাত উঠি যাত্ৰা কৰিছিল৷ কিন্তু মালদহ নাপালেগৈ কেলেব৷ ৰঙাপানীৰ ওচৰতেই মালবাহী ট্ৰেইনৰ সৈতে কাঞ্চনজংঘাৰ সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে কেলেবে৷
মালদহ জিলা আবকাৰী দপ্তৰৰ পৰা জনোৱা অনুসৰি বিগত মাৰ্চ মাহক মানিকচক আবকাৰী জোনৰ অচি পদৰ দায়িত্ব পাইছিল কেলেব ছুব্বাই৷ তেওঁৰ ঘৰ দাৰ্জিলিঙত৷ তেওঁৰ পৰিয়াল বুলিবলৈ পত্নী আৰু এটি আঢ়ৈ বছৰীয়া কন্যা সন্তান আছে৷ পূৰ্বে কেলেব পশ্চিংবংগ আৰক্ষী কনিষ্টবল পদত কৰ্মৰত আছিল৷ ইয়াৰ পাছতেই পদোন্নতি হৈ তেওঁ এছ আই পদত যোগ দিয়ে৷ কেইবাবছৰ চাকৰি কৰাৰ পাছত ২০২০ চনত আবকাৰী দপ্তৰৰ এছ আই পদমৰ্যাদাৰ অফিচাৰ হয় জলপাইগুৰি ডিভিছনত৷ তাতেই তেওঁ তিনিবছৰ চাকৰি কৰে৷
ইয়াৰ পাছতেই চলিত বছৰত দাৰ্জিলিঙৰ আৱকাৰী দপ্তৰৰ অফিচাৰ হিচাপে পোষ্টিং হয় কেলেবৰ৷ মৃত কেলেবৰ কথা কৈ এতিয়া উচুপি উঠিছে সহকৰ্মীসকল৷ এগৰাকী সহকৰ্মীয়ে কয়, ‘অত্যন্ত দায়িত্বশীল অফিচাৰ আছিল কেলেব৷ তিনি মাহৰ চিনাকি হ’লেও ঘনিষ্ঠতা বাঢ়িছিল৷ তেওঁ কাষত থাকোতে নিজৰ ভাতৃৰ দৰেই লাগিছিল৷ কৰ্তব্যত গাফিলতি তেওঁৰ অভিধানতেই নাছিল৷ শৃংখলাপৰায়ণ যুৱক এজন হেৰাই গ’ল৷’ কেলেবৰ মৃতদেহ উদ্ধাৰৰ পাছতেই পশ্চিমবংগ চৰকাৰে তেওঁৰ পৰিয়ালৰ কাষত থকাৰ আশ্বাস দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ