উত্তৰ প্ৰদেশৰ বাৰাণসীত সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীয়ে কিষাণ সন্মান সন্মিলনত অংশগ্ৰহণ কৰিব।
এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোট (এছ এইচ জি) কৃষি সখীৰ ৩০ হাজাৰৰো অধিক মহিলাক প্ৰমাণ পত্ৰ প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ১৭তম কিস্তিৰ মুকলিৰ অনুমোদন জনাই প্ৰথমখন ফাইলত স্বাক্ষৰ কৰিছিল, সেই ধন আজিয়েই একাউণ্টত সোমাব কৃষকৰ।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিছান)ৰ অধীনত প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব ২০ হাজাৰ কোটিতকৈ অধিক ধন৷
পিএমঅ’ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি বৰ্তমানলৈকে ১১ কোটিতকৈ অধিক যোগ্য কৃষক পৰিয়ালে পিএম-কিছানৰ অধীনত ৩.০৪ লাখ কোটিতকৈ অধিক টকাৰ সুবিধা লাভ কৰিছে।
আজি সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে দশশ্বমেধ ঘাটত গংগা আৰতিত অংশ লৈ নিশা প্ৰায় ৮ বজাত কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ