অসম লাইভ ২৪ঃ গ্ৰীষ্ম প্ৰবাহ আৰু শীত প্ৰবাহৰ ফলত বিশ্বত বছৰি মৃত্যু হয় প্ৰায় ৫০ লক্ষাধিক লোকৰ। ‘ল্যানচেট প্লেনেটৰী হেল্থ’ নামৰ এক আন্তৰ্জাতিক গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। ২০ বছৰ ধৰি এই সন্দৰ্ভত গৱেষণা চলাইছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকৰ দলে। গৱেষণাপত্ৰত প্ৰকাশ অনুসৰি, বিশ্বত প্ৰতিবছৰে স্বাভাৱিকভাৱে যিমান সংখ্যক লোকৰ মৃত্যু হয়, তাৰ ৯.৪ শতাংশই অতিমাত্ৰা গ্ৰীষ্ম আৰু শীতৰ প্ৰভাৱত মৃত্যু হয়। অৰ্থাৎ প্ৰতি ১ লাখ লোকৰ মাজত গ্ৰীষ্ম আৰু শীতপ্ৰবাহৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা গড়ে ৭৪ জনলৈ বৃদ্ধি পাইছে। কিন্তু এই ক্ষেত্ৰত ভাৰতৰ ছবিখন কিছু বিপৰীত। ভাৰতত শীতপ্ৰবাহৰ ফলত মৃত্যু হয় ৭ লাখ লোকৰ আৰু গ্ৰীষ্মপ্ৰবাহত মৃত্যু হয় ৮৪ হাজাৰ লোকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ