অসম লাইভ ২৪ঃ অসমলৈ আহিছে হাছিনাৰ আম। বাংলাদেশ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পৰা অসমৰ মুখ্যমন্ত্ৰীকে ধৰি একাংশ সাংবাদিকলৈ উপহাৰ স্বৰূপে আহিছে আম। ছ’চিয়েল মিডিয়াত হাছিনাৰ উপহাৰৰ সৈতে ফটো শ্বেয়াৰ কৰিছে একাংশই। সম্প্ৰতি ভাৰত-বাংলাদেশৰ ৰাজনীতিত চৰ্চিত বিষয় হৈছে ‘হাৰিভাংগা’ আম। এই হাৰিভাংগা আমেই উপহাৰ ৰূপে লাভ কৰিছে অসমৰ একাংশই। অৱশ্যে উপহাৰৰ টোপোলা গৈছে প্ৰধানমন্ত্ৰী মোদীলৈয়ো। লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীলৈয়ো প্ৰেৰণ কৰিছে আম। বৰ্তমানলৈকে ভাৰতে বাংলাদেশৰ পৰা ২৬০০ কেজি হাৰিভাংগা আম লাভ কৰিছে । উত্তৰ-পশ্চিম বাংলাদেশৰ ৰংপুৰ জিলাত উৎপাদন হয় এই সুস্বাদু আমবিধ। বাংলাদেশত হাৰিভাংগা আমৰ যথেষ্ট চাহিদা আছে। এক কিলোগ্ৰাম হাৰিভাংগা আমৰ দাম ভাৰতীয় হিচাপত প্ৰায় ১৭০০ টকা। শ্বেখ হাছিনাই দেশখনৰ ৰাষ্ট্ৰীয় ফলবিধক উপহাৰ হিচাপে প্ৰদান কৰি দেশ দুখনৰ মাজত সুমিষ্ট সম্পর্ক ৰক্ষাৰ চেষ্টা চলাইছে। অৱশ্যে আমক টেঙা ফলৰহে অন্তর্ভুক্ত। অসমীয়া পৰম্পৰাত মিতিৰৰ ঘৰৰ টেঙা, তিতা দিয়া নহয়। দিব লগা হ’লেও লগত গুৰ বা চেনি এচিকুট দিয়া নিয়ম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ