অসম লাইভ ২৪ঃ তথ্য প্ৰযুক্তি বিষয়ক সংসদীয় কমিটিৰে বৈঠকত মিলিত হয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু গুগল কৰ্তৃপক্ষ। কেন্দ্ৰীয় চৰকাৰৰ নতুন IT নিয়ম সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত। কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বাধীন সংসদীয় কমিটিৰ এই বৈঠকত উপস্থিত আছিল ফেচবুক ইণ্ডিয়াৰ এছিয়া পেচিফিকৰ পাব্লিক পলিচি বিষয়ৰ ডিৰেক্টৰ শিৱনাথ ঠাকুৰাল আৰু এছ’চিয়েট জেনেৰেল নম্ৰতা সিং। গুগলৰ তৰফৰ পৰা উপস্থিত থাকে পাব্লিক পলিচিৰ দেশীয় মুৰব্বী আমন জৈন আৰু আইনী প্ৰধান গীতাঞ্জলি দুগ্গল। মঙলবাৰে অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত নাগৰিকৰ অধিকাৰ সুৰক্ষা, অনলাইন নিউজ প’ৰ্টেলসমূহৰ অপব্যৱহাৰ ৰোধ আৰু ডিজিটেল প্লেটফৰ্মত মহিলাৰ নিৰাপত্তা ৰক্ষা সন্দৰ্ভত আলোচনা কৰা হয়। ফেচবুক আৰু গুগলে নতুন IT নিয়ম মনাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰই। আদালত আৰু চৰকাৰৰ নিৰ্দেশনা মনাৰ ওপৰিও তথ্য প্ৰযুক্তি আইনো মানি চলিব লাগিব সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ