অসম লাইভ ২৪ঃ ৬০ লাখ ভাৰতীয়সহ ৫৩ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য লীক হোৱা ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১০০ খন দেশৰ ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য ফাদিলৰ এই ঘটনা এনে ধৰণৰ তথ্য ফাদিলৰ ঘটনাৰ মাজত সর্ববৃহৎ। ৫৩ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ ফোন নম্বৰ, ফেচবুক id, বায়’, সম্পূর্ণ নাম, জন্মদিন, স্থান আনকি ই-মেইল ঠিকনাও লীক হৈছে। শনিবাৰে এজন চাইবাৰ ক্ৰাইম বিষয়াই এই তথ্য ফাদিলৰ ঘটনা পোহৰলৈ আনে। ২০১৯ চনতো ফেচবুক ব্যৱহাৰকাৰীৰ তথ্য ফাদিলৰ এটা ঘটনা সংঘটিত হৈছিল যদিও সেয়া এইবাৰৰ দৰে ব্যাপক নাছিল। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ফেচবুকৰ তথ্য ফাদিলৰ এই ঘটনাৰ ভুক্তভোগীৰ তালিকা আছে ফেচবুকৰ স্বত্বাধিকাৰী মার্ক জুকাৰবার্গো। জুকাৰবার্গৰ মোবাইল নম্বৰো এই তথ্য লীকৰ ঘটনাত ৰাজহুৱা হৈ পৰিছে বুলি প্ৰকাশ পাইছে। এনে ধৰণৰ তথ্য লীকৰ জৰিয়তে প্ৰাপ্ত ব্যৱহাৰকাৰীৰ তথ্য বিভিন্ন ব্যৱসায়িক সংস্থাই নিজৰ ব্যৱসায়ৰ প্ৰমোচনৰ বাবে অনৈতিক ব্যৱহাৰ কৰাৰ অভিযোগ আছে। তথ্য ফাদিল কৰা দুষ্ট চক্ৰই ধনৰ বিনিময়ত ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য অর্থাৎ ফোন নম্বৰ, নাম, ঠিকনা, ই-মেইল আদি প্ৰদান কৰে ব্যৱসায়িক স্বার্থ সিদ্ধিৰ বাবে অনৈতিকতাৰ আশ্ৰয় লোৱাৰ একাংশ বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ