অসম লাইভ ২৪ঃ গৰিষ্ঠসংখ্যকে ব্যৱহাৰ কৰা Facebook-WhatsApp ভাৰতত নিয়ন্ত্ৰিত হৈছে BJP-RSSৰ দ্বাৰা। ইয়াৰ জৰিয়তে বিজেপি-আৰএছএছে ঘৃণা আৰু বিষবাষ্প বিয়পাই দিছে সমগ্ৰ দেশত। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। আমেৰিকাত এখন সংবাদ পত্ৰৰ বাতৰিৰ উদ্ধৃতিৰে এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। ৰাহুল গান্ধীয়ে উদ্ধৃতি দিয়া বাতৰিটোত বিজেপি নেতা টি ৰাজা সিঙে ফেচবুক বিধি উলংঘন কৰি ষ্টেটাচ দিয়াৰ পাছতো তেওঁ ফেচবুক চলাই থকাৰ প্ৰসংগ উত্থাপন কৰিছে। বাতৰিটো অনুসৰি টি ৰাজাৰ মন্তব্যই ফেচবুকৰ ঘৃণাসূচক বক্তব্যৰ বিধি উলংঘন কৰিছে। এই বাতৰিৰ ভিত্তিতে ৰাহুল গান্ধীয়ে টুইটাৰ জৰিয়তে এজাউৰি দিলে বিজেপ-আৰএছএছক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















