অসম লাইভ২৪ঃ কাৰোবাৰ যদি ৫ মহীয়া সন্তান আছিল কাৰোবাৰ আকৌ ৭ মহীয়া সন্তান। কোনোবাজন আকৌ সদ্যবিবাহিত। বৃহস্পতিবাৰে এটা মুহূৰ্ততেই ছিন্নভিন্ন হৈ গৈছিল ৫টাকৈ পৰিয়াল। জম্মু-কাশ্মীৰৰ পুঞ্চত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছে ৫ জনকৈ জোৱান। নিহত ৫ জোৱানৰ ৪জনেই পঞ্জাৱৰ হোৱাৰ বিপৰীতে এজন ওড়িশাৰ। নিহত ৫ জোৱান ক্ৰমে হাবিলদাৰ মনদীপ সিংহ, লেন্স নায়ক দেৱাশীষ বিশাল, লেন্স নায়ক কুলবন্ত সিঙ, চিপাহী হৰকিষণা সিঙ আৰু চিপাহী সেৱক সিঙ। এই নিহত সেনাসকলে মৃত্যুৰ সময়ত এৰি থৈ গৈছে সদ্যোজাত সন্তানৰ লগতে নৱবিবাহিতা পত্নীকো।
জোৱান কেইজনৰ কাৰোবাৰ যদি ৭ মাহৰ শিশু আছে কাৰোবাৰা আকৌ ৪মহীয়া সন্তান। দেৱাশীষ নামৰ শ্বহীদ জোৱানজন ওড়িশাৰ পুৰীৰ বাসিন্দা। পুৰীৰ অলগুম গাওঁৰ বাসিন্দা দেৱাশীষে বিবাহ কৰাইছিল ২০২১ চনত। দেৱাশীষৰ আছে এগৰাকী ৭ মহীয়া কন্যাসন্তানো। দেৱাশীষৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই দেৱাশীষৰ জ্যেষ্ঠ ভাতৃ পঞ্চাননয়ে কয়, ভাৱিবই পৰা নাছিলো এনে দিন দেখিম। আমাৰ বাহাদুৰ লৰাটোক হেৰুৱাই দিলো। দেৱাশীষ কেৱল পৰিয়ালৰ প্ৰতিয়েই দায়িত্বশীল নাছিল। দেশৰ বাবেও নিজৰ কৰ্তব্যত অবিচল আছিল।’
ইপিনে পঞ্জাৱক মেগা জিলাৰ চাৰিক গাওঁতো এতিয়া কান্দোনৰ ৰোল। এইখন গাওঁৰেই সন্তান আছিল কুলবন্ত সিঙ। কুলবন্তৰ ভাতৃয়ে মৃত্যুৰ খবৰ শুনাৰ পাছত সংবাদমাধ্যমৰ আগত কয়, ‘আমি বিচাৰো চৰকাৰে এই আক্ৰমণৰ উপযুক্ত উত্তৰ দিব।’ কুলৱন্তই মৃত্যুৰ সময়ত পত্নীসহিতে ৪ মহীয়া পুত্ৰ সন্তানৰ লগতে এগৰাকী ডেৰ বছৰীয়া কন্যা সন্তানক এৰি থৈ গৈছে। উল্লেখ্য যে কুলবন্তৰ পিতৃও আছিল এগৰাকী সেনা জোৱান। কাৰ্গিল যুদ্ধত নিহত হৈছিল তেওঁৰ পিতৃ। পিতৃ নিহত হোৱাৰ সময়ত কুলৱন্তৰ বয়স আছিল মাত্ৰ ২ বছৰ।
চিপাহী সেবক সিঙ আছিল ভাতিণ্ডাৰ ওয়াঘা গাওঁৰ বাসিন্দা। পৰিয়ালৰ একমাত্ৰ সন্তান আছিল সেবক। সেবকৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই বাৰে বাৰে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে পিতৃ-মাতৃয়ে। মৃত্যুৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে সেবকে ভগ্নীলৈ ফোনো কৰিছিল। সেবকে ভনীয়েকক কৈছিল, ‘আগন্তুক ছুটীত ঘৰলৈ আহিলে ভগ্নীৰ ঘৰলৈ নিশ্চয় যাব। কিন্তু সেই আশা আৰু পুৰণ নহ’ল সেবকৰ। ঘৰলৈ খবৰ আহে সেবক আৰু নাই। ২০১৮ চনত সেনাবাহিনীত যোগ দিছিল সেবকে। অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ পৰা সেনা বাহিনীত যোগ দিছিল সেবকে। চিপাহী হৰকিষাণ সিঙ আছিল গুৰদাসপুৰৰ বাসিন্দা। ৫ বছৰ পূৰ্বে সেনাত ভৰ্তী হৈছিল হৰকিষাণ। তিনি বছৰ পূৰ্বে বিয়া কৰাইছে হৰকিষাণে।
৫ জোৱানৰ ভিতৰত আছে হাবিলদাৰ মনদীপ সিঙ। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মনদীপ সিঙ। মৃত্যুৰ সময়ত মনদ্বীপে মাতৃৰ লগতে পত্নী আৰু ২ সন্তানক এৰি থৈ গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ