অসম লাইভ ২৪ঃ কেন্দ্ৰীয় চৰকাৰৰ ৩ বিতর্কিত কৃষি আইনৰ বিৰুদ্ধে দেশৰ কৃষকৰ প্ৰতিবাদৰ আজি ছটা মাহ সম্পূর্ণ হৈছে। আন্দোলনকাৰী কৃষকে আজি পালন কৰিছে ক’লা দিৱস। বিদ্ৰোহী কৃষকে নিজৰ ঘৰৰ বাহিৰত উৰুৱাইছে ক’লা পতাকা। কৃষকসকলৰ এই প্ৰতিবাদক সমর্থন জনাইছে কংগ্ৰেছ, এন চি পি, টি এম চি, শিৱসেনাকে আদি কৰি দেশৰ ১৪টা বিৰোধী দলে। বিগত ছটা মাহত কৃষকৰ এই বিদ্ৰোহে কেইবাবাৰো উত্থান-পতনৰ সন্মুখীন হৈছে। বিদ্ৰোহী কৃষক নেতাসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ ১১ বাৰ বৈঠক হৈছিল যদিও আজিলৈকে নোলাল সমাধান সূত্ৰ। কোভিড পৰিস্থিতিৰ বাবে এই আন্দোলন কিছু শাম কাটিলেও এতিয়াও নিজৰ দাবীতে অটল দেশৰ অন্নদাতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ