অসম লাইভ ২৪ঃ আজি হ’ব পূর্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। বুদ্ধপূর্ণিমাৰ দিনটোতে ভাৰতবর্ষই উত্তৰ-পূবৰ ৰাজ্যসমূহ, পশ্চিমবংগ, ওড়িশা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা এই গ্ৰহণ দেখিবলৈ পোৱা যাব। আজি বিয়লি ৩.১৫ বজাৰ পৰা এই চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু অন্ত পৰিব বিয়লি ৪.৫৮ বজাত। আনহাতে আংশিক চন্দ্ৰগ্ৰহণ অন্ত পৰিব ৬.২৩ বজাত। জ্যোতির্বিজ্ঞান অনুসৰি এই গ্ৰহণে প্ৰভাৱ পেলাব জীৱৰ লগতে জড় পদার্থৰ ওপৰতো। এই সময়ছোৱাত এইসমূহ কাম নকৰিবলৈ উপদেশ জ্যোতির্বিজ্ঞানীৰ। সেই অনুসৰি-
১. অগ্নিৰ লগত জড়িত কামবোৰ নকৰিব।
২. শাৰীৰিক শ্ৰম নকৰিব।
৩. সনাতনী পৰম্পৰা কৰা নিষেধ।
৪. গ্ৰহণৰ সময়ছোৱাত ভগৱানক আৰাধনা কৰক।
৫. পানীৰ পৰা দূৰত থাকক।
৬. কুঁৱা, হাবি, নৈ আদিৰ পাৰলৈ নাযাব।
৭. ঘৰৰ ভিতৰত পানী সংগ্ৰহ কৰি নাৰাখিব।
৮. ভোজন প্ৰস্তুত কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব।
৯. গর্ভৱতী মহিলা, বৃদ্ধ, ৰোগী আৰু শিশুসকল সাৱধানে থাকিব।
আনহাতে হৰিদ্বাৰৰ জ্যোতির্বিজ্ঞানী পণ্ডিত মনোজ ত্ৰিপাঠীৰ মতে অসমত গ্ৰহণে বিশেষ প্ৰভাৱ নেপেলায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ