অসম লাইভ২৪ঃ সংযুক্ত কৃষক মৰ্চাসহ বিভিন্ন কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে। ১৬ফেব্ৰুৱাৰীত কেইবাটাও কৃষক সংগঠনৰ পৰা ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক শিবিৰৰ ওপৰত বিশেষ চাপ সৃষ্টি কৰিবলৈকে আগবাঢ়িছে কৃষক। আন্দোলনকাৰীয়ে জনোৱা অনুসৰি আগন্তুক ১৬ফেব্ৰুৱাৰীত সমগ্ৰ দেশৰ গাওঁসমূহ বন্ধ কৰি দিয়াৰ ওপৰিও চলিব ধৰ্মঘট। আন্দোলনকাৰীয়ে কলকাৰখানাৰ কৰ্মচাৰীকো কাম বন্ধ ৰখাৰ বাবে অনুৰোধ জনাইছে। কৃষক মৰ্চা আৰু শ্ৰমিক সংগঠনৰ সৰ্বভাৰতীয় প্ৰতিনিধিসকলে মোদী চৰকাৰ বিৰোধী লিফ্টলেটো বিতৰণ কৰা দেখা গৈছে।
কৃষক মৰ্চাসহ ২৬টা কৃষক সংগঠনে ১৩ ফেব্ৰুৱাৰীত দিল্লীত মিছিল কৰিব। পঞ্জাৱৰ কৃষকে ঘোষণা কৰা অনুসৰি ১০হাজাৰ ট্ৰেক্টৰেৰে দিল্লী যাবৰ বাবে সাজু হৈছে কৃষক। হাৰিয়ানা হৈ দিল্লীত প্ৰৱেশ কৰিব প্ৰতিবাদী কৃষকে। দিল্লীত প্ৰৱেশ কৰিবলৈ শম্ভু বৰ্ডাৰ, ডাবোৱালী আৰু খনাউৰী বৰ্ডাৰকেই বাচি লৈছে পঞ্জাৱৰ প্ৰতিবাদী কৃষকে। কৃষক বিদ্ৰোহৰ ভয়াৱহ ৰূপ দেখি শংকিত হৈ পৰিছে শাসকদলো। যাৰবাবে আৰক্ষীয়ে প্ৰায়সমূহ কৃষক নেতাক ঘৰে ঘৰে গৈ এৰেষ্টো কৰিছে। পঞ্জাৱৰ পৰা যাত্ৰা কৰা দলটোক ভেটিবলৈকে ১৪৪ ধাৰা জাৰি কৰা হৈছে আম্বালা এলেকাত। পঞ্জাৱ, হাৰিয়ানাৰ মাজত শম্ভূ সীমান্তও চিমেণ্টৰ বেৰিকেড আৰু কাঁটাতাৰ দি সম্পূৰ্ণ ছিল কৰি দিয়া হৈছে। ঘাগৰ নদীৰ ওপৰৰ বিশেষ সেতুও বন্ধ কৰি দিয়া হৈছে। কৃষকে যাতে ট্ৰেক্টৰেৰে দিল্লীৰ ভিতৰত সোমাব নোৱাৰে তাৰবাবে ঠায়ে ঠায়ে খান্দি পেলোৱা হৈছে ৰাস্তা।
পঞ্জাৱৰ পাতিয়ালাৰ পৰা আম্বালা যোৱা পথো সলাই দিয়া হৈছে। সোনিপাত, ঝাজ্জাৰ, পঞ্চকুলাৰ আৰু কাইথালেও ১৪৪ ধাৰা জাৰি কৰা হৈছে। পঞ্জাৱৰ পৰা চণ্ডীগড় হৈ কৃষকসকলে দিল্লী যোৱাৰ পথত পঞ্চকুলা হৈ হাৰিয়ানাত প্ৰৱেশ কৰিব পাৰিব। সীমান্তত কৃষকসকলক আৱদ্ধ কৰিবলৈকে চেকপোষ্ট বহুওৱা হৈছে। টিকৰি সীমান্তত ড্ৰোনৰ মাধ্যমেৰে নজৰদাৰিও কৰা হৈছে। জনগণক পঞ্জাৱলৈ নাযাবৰ বাবেও পৰামৰ্শ দিছে চৰকাৰে। পৰিস্থিতিৰ দিশলৈ নজৰ ৰাখি আগন্তুক দিনত আম্বালা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথ-১৫২, আম্বালা-হিচাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬৫, পানীপথ-জলন্ধৰ ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ আৰু আম্বালা-কালা আম্ব ৰাষ্ট্ৰীয় ঘাইপথ-৩৪৪ বন্ধ কৰি দিয়া হ’ব পাৰে বুলিও জনাইছে।
সোমবাৰে চণ্ডীগড়ত বিয়লি ৫বজাত ২৬ ছেক্টৰত বিশেষ বৈঠকো অনুষ্ঠিত হৈছিল। কৃষকসকলে দিল্লী চলো পদযাত্ৰাৰ এদিন পূৰ্বে ছেক্টৰ ২৬ত মহাত্মা গান্ধী ষ্টেট ইনষ্টিটিউট অৱ পাবলিক এডমিনিষ্ট্ৰেছনত এক বৈঠকত অংশগ্ৰহণ কৰিছিল। বৈঠকৰ পাছতেই কৃষক নেতা ছাৰাওয়ান সিং পান্ধেৰে শনিবাৰে জনোৱা অনুসৰি, কেন্দ্ৰই তেওঁলোকৰ দাবী লৈ আলোচনা কৰাৰ বাবে ১২ ফেব্ৰুৱাৰীত বিশেষ বৈঠকৰ আয়োজন কৰিছে। দেওবাৰে পুৱা ৬বজাৰ পৰা বুধবাৰ পৰ্যন্ত ৭খন জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। ইন্টাৰনেট কৰ্তন কৰা জিলাসমূহৰ ভিতৰত আছে, কুৰুক্ষেত্ৰ, আম্বালা, কাইথাল, জিন্দ, হিচাৰ, ফাতেহাবাদ আৰু চিৰছা। সেই স্থানসমূহত মোবাইল ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰাৰ প্ৰধান কাৰণ হৈছে এই স্থানসমূহতে কৃষক বিদ্ৰোহ ভয়াৱহ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ