অসম লাইভ ২৪ঃ প্ৰধানমন্ত্ৰীৰ কথাত আশ্বস্ত নহয় দেশৰ জনতা৷ দিল্লীত আজিও অব্যাহত আছে কৃষক বিদ্ৰোহ৷ আজি কৃষক আন্দোলনৰ বৰ্ষপূৰ্তি৷ প্ৰায় এবছৰ আন্দোলনৰ অন্তত অৱশেষত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল কৃষি আইন বাতিলৰ সিদ্ধান্ত৷ কিন্তু প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তক কৃষক সংগঠনসমূহে আদৰণি জনাইছে যদিও বিদ্ৰোহ ভংগ কৰা নাই প্ৰতিবাদকাৰীয়ে৷ আজি বৰ্ষপূৰ্তি উপলক্ষে দিল্লী সীমান্তত পুনৰ লগ হৈছে হাজাৰ হাজাৰ প্ৰতিবাদীকাৰী কৃষক৷ কেন্দ্ৰীয় চৰকাৰে তিনি কৃষি আইন কাৰ্যত বাতিল নকৰা পৰ্যন্ত বিদ্ৰোহ অব্যাহত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰিছে কৃষক সংগঠনসমূহে৷ উল্লেখ্য, ২৯ নবেম্বৰৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিবেশন৷ অধিবেশনৰ প্ৰথম দিনটোতেই কৃষি আইন প্ৰসংগ উত্থাপন কৰিব সংসদত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ