দীৰ্ঘদিন ধৰি নতুন টোল নীতি অনাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই৷ যাৰ আওঁতাত সমগ্ৰ দেশৰ টোল প্লাজাত নতুন সুযোগ প্ৰদান কৰা হব৷ চৰকাৰে ১৫ আগষ্টৰ পৰা ৩০০০ টকা ফাষ্টটেগ ভিত্তিক বাৰ্ষিক পাছ ঘোষণা কৰিছে৷
টোল আদায়ৰ বাবে এক এনুৱেল পাছ চিষ্টেম আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ প্ৰকৃততে এই ব্যৱস্থাৰ অধীনত হাইৱেৰে সীমাহীনভাৱে যাতায়াত কৰাৰ বাবে এনুৱেল পাছ ল’ব লাগিব ৩০০০ টকা৷ ইয়াৰ ফলত FASTag ৰিচাৰ্ছৰ অসুবিধা আপোনাৰ আৰু নাথাকে৷
টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদনৰ পৰা জনা গৈছে যে নেশ্ব্যনেল হাইৱেত যাতায়াত সহজ কৰাৰ লক্ষ্যৰে ট্ৰেফিক ফ্লো উন্নত কৰাৰ বাবে দূৰত্বৰ ভিত্তিত মূল্য নিৰ্ধাৰণ আৰু বাধামুক্ত টোল বুথৰ প্ৰস্তাৱ দিয়া হৈছে৷ প্ৰস্তাৱিত নীতিৰ বিষয়ে জানি থওক সবিশেষ৷
প্ৰস্তাৱিত নীতি অনুসৰি সমস্ত নেশ্ব্যনেল হাইৱে, এক্সপ্ৰেছ ৱে আৰু ষ্টেট এক্সপ্ৰেছৱেত সীমাহীন দূৰত্ব ভ্ৰমণৰ বাবে বাৰ্ষিক ৩০০০ টকা পেমেণ্টৰ অনুমতি দিয়া হব বাহনৰ গৰাকীক৷ এই পলিছি কাৰ্যকৰী হলে সমগ্ৰ দেশত ভ্ৰমণ কৰাৰ ক্ষেত্ৰত বাৰে বাৰে FASTag ৰিচাৰ্ছৰ প্ৰয়োজন নহয়৷
দূৰত্বৰ ভিত্তিত মূল্য নিৰ্ধাৰণ
এই পলিচিত পে এজ ইউ গ মডেলৰ প্ৰস্তাৱ দিয়া হৈছে৷ ইয়াৰ বাবে প্ৰতি ১০০ কিঃমিঃৰ বাবে ৫০ টকাকৈ দিব লাগিব৷ যিসকলে সদায়ে যাতায়াত নকৰে তেওঁলোকৰ বাবে এয়া লাভজনক হব৷ পুৰণি FASTag ব্যৱহাৰকাৰীসকলৰ কৰণীয় কি? বাহনৰ মালিকে নতুন ব্যৱস্থাৰ সুবিধা অনায়াসে লব পাৰে৷ ইয়াৰবাবে তেওঁলোকে অতিৰিক্ত কোনো নথিপত্ৰ দেখুৱাব নালাগে বা অতিৰিক্ত কোনো একাউণ্ট চাৰ্জো দিহ নালাগে৷ ইয়াৰোপৰি ১৫ বছৰৰ বাবে ৩০,০০০ টকা এককালীন পেমেণ্টসহ আজীৱন FASTag আৰম্ভ কৰাৰ পূৰ্ববৰ্তী নীতি বাতিল কৰা হৈছে৷
টোল বুথত নাথাকিব কোনো বাধা
প্ৰস্তাৱিত পলিচিৰ পৰা জনা গৈছে যে টোল বুথত কোনো ফিজিকেল বেৰিয়াৰ নাথাকে৷ বিদ্যমান চেঞ্চৰ ভিত্তিক চিষ্টেমসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰি দিয়া হব৷ এই উদ্যোগৰ ফলত ভ্ৰমণ আৰু দ্ৰুত হব বুলি আশা কৰা হৈছে৷ ইয়াৰোপৰি বাধামুক্ত টোল বুথসমূহে যানজঁট কমাব আৰু ইন্ধনৰ খৰচো হ্ৰাস কৰিব৷
টোল ৰাজস্বৰ কি হ’ব?
এই ব্যৱস্থা যদি কাৰ্যকৰ হয়, সৰ্বশেষ নীতি হাইৱে কন্ট্ৰাক্টৰসকলৰ টোল ৰাজস্বৰ ওপৰত প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে৷ যাৰ ফলত মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ ডিজিটেল ভ্ৰমণৰ তথ্যৰ ওপৰত ভিত্তি কৰি এক ক্ষতিপূৰণ সংক্ৰান্তিয় পৰিকল্পনা তৈয়াৰ কৰিব৷ কেইবাটাও ব্যৱস্থা আৰম্ভ কৰি টোল ফাঁকি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বেংকক আৰু ক্ষমতা দিয়া হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ