ফিক্সড ডিপোজিট সকলোতকৈ নিৰাপদ৷ টকা মাৰ যোৱাৰ কোনো ভয় নাই৷ ৰিটাৰ্ণৰো পূৰ্ণ গেৰেণ্টি পোৱা যায়৷ কিন্তু ফিক্সড ডিপোজিটত বিনিয়োগ কৰাৰ পূৰ্বে কোন বেংক বা আৰ্থিক প্ৰতিষ্ঠান সবাতোকৈ শ্ৰেষ্ঠ?
দীৰ্ঘম্যাদি ফিক্সড ডিপোজিটেই সকলোতকৈ বেছি হাৰত সুদ দিয়ে বেংকে৷ কিন্তু সকলোৰে আৰ্থিক চাহিদা একে ধৰণৰ নহয়৷ বহুতে স্বল্পম্যাদি লক্ষ্যপূৰণৰ বাবেও বিনিয়োগ কৰে৷ স্বল্পম্যাদি ডিপজিটত কোন বেংকে বেছি সুদ দিয়ে সেই তথ্য জানিবলৈ বহুজনেই আগ্ৰহী৷ সৰ্বাধিক সুদ দিয়াৰ ক্ষেত্ৰত আগুৱাই আছে ৭টাকৈ বেংক৷ ৩বছৰ বা ৫ বছৰৰ বাবে ফিক্সড ডিপোজিটত ৬.৬০শতাংশৰ পৰা ৭.১০শতাংশলৈ সুদ দিয়ে বেংকে৷
এইক্ষেত্ৰত সৰ্বাধিক সুদ দিয়া বেংকৰ শীৰ্ষত আছে কোটাক মহিন্দ্ৰা বেংক৷ এই বেংকৰ সুদৰ হাৰ ৭.১ শতাংশ৷ প্ৰবীণ নাগৰিকসকলক ৫০ বেছিচ পয়েণ্ট অতিৰিক্ত সুদ দিয়া হয়৷ অৰ্থাৎ এবছৰত ম্যাদি ফিক্সড ডিপোজিটত তেওঁলোকে ৭.৬০ শতাংশ হাৰত সুদ দিয়ে৷ দেশৰ সকলোতকৈ ডাঙৰ বেচৰকাৰী বেংক এইছ ডিএফ চিএয়ে এবছৰৰ ম্যাদি ফিক্সড ডিপোজিটত ৬.৬শতাংশ হাৰত সুদ দিয়ে৷ প্ৰবীণ নাগৰিকসকলৰ ক্ষেত্ৰত সুদৰ হাৰ ৭.১০শতাংশ৷ চলিত বছৰৰ ২৪ জুলাইৰ পৰা এই নিয়ম কাৰ্যকৰী হৈছে৷
ICICI বেংকে এবছৰৰ ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকসকলক ৬.৭শতাংশ হাৰত সুদ দিছে৷ প্ৰবীণ নাগৰিকসকলক দিয়া হৈছে ৭.২ শতাংশ হাৰত সুদ৷ বিশেষ ৭টা বেংকৰ ভিতৰত কোনে কিমান সুদ দিয়ে? ফেডাৰেল বেংকত এবছৰৰ ম্যাদি ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকে ৬.৮শতাংশ আৰু প্ৰবীণ নাগৰিকে লাভ কৰে ৭.৩শতাংশ সুদ৷
পঞ্জাৱ নেশ্ব্যনেল বেংকত এবছৰৰ ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকে ৬.৮শতাংশ আৰু প্ৰবীণ নাগৰিকে ৭.৩শতাংশ হাৰত সুদ লাভ কৰে৷ বেংক অৱ বৰোদাৰ ফিক্সড ডিপোজিট স্কিমত তেওঁলোকে দিয়ে ৬.৮৫শতাংশ সুদ৷ প্ৰবীণ নাগৰিকসকলক দিয়া সুদ হৈছে ৭.৩৫শতাংশ৷ দেশৰ বৃহত্তম ৰাষ্ট্ৰায়ত্ত বেংক এছবিআইয়ে এবছৰৰ ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকক ৬.৮শতাংশ আৰু প্ৰবীণ নাগৰিকক দিয়ে ৭.৩শতাংশ সুদ৷ আই চি আইচি আই বেংকত এবছৰৰ ফিক্সড ডিপোজিটত পাব ৬.৭শতাংশ সুদ আৰু প্ৰবীণসকলে এই বেংকৰ পৰা পায় ৭.২শতাংশ সুদ৷ এইছ ডিএফচি বেংকত সুদৰ হাৰ ৬.৬০শতাংশ৷ প্ৰবীণ নাগৰিকসকলৰ বাবে ৭.১০শতাংশ হাৰত সুদ দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ