বুধবাৰে পুৱা কলকাতাত এক ভয়ংকৰ দুৰ্ঘটনা৷ ৰেচকোৰ্চৰ কাষত বিলাসী বাহনে লেম্পপোষ্টত ধাক্কা মৰাৰ পাছতেই ভাঙি চূৰমাৰ হৈ পৰে ফেৰাৰি৷ জনা গৈছে যে বাহনখনত আছিল পিতা আৰু পুত্ৰ৷ দুৰ্ঘটনাত দুজনেই বেয়াকৈ আঘাতপ্ৰাপ্তও হৈছে৷ পিতা-পুত্ৰ দুয়োগৰাকীয়ে এছ এছ কেমত চিকিৎসাধীন হৈ আছে৷ আহত হৈছে ৰাস্তাৰ দুজন ছাফাই কৰ্মীও৷

বুধবাৰে পুৱা প্ৰায় চাৰে সাত বজাত হেষ্টিংছ থানা এলেকাত এই দুৰ্ঘটনা ঘটিছে৷ ৰেচকোৰ্ছৰ কাষৰ হস্পিতেল ৰোডত এই ঘটনা৷ ভিক্টোৰিয়া মেমোৰিয়েল আৰু ৰেছকোৰ্ছ ময়দানৰ মাজত তীব্ৰ দ্ৰুতগতিত অহা ফেৰাৰি বাহনখনে প্ৰথমে সজোৰে ধাক্কা মাৰে লেম্পপোষ্টত৷ তাৰপিছতেই এজোপা গছত ধাক্কা মাৰি ওলোটি যায় বাহনখন৷ বাহনত থকা দুজনক আহত অৱস্থাত উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়৷ ৰাস্তাৰ দুগকাৰী মহিলা ছাফাই কৰ্মীও গুৰুতৰভাৱে আহত হৈছিল৷ আৰক্ষী সূত্ৰৰ পৰা জনা গৈছে যে পিতৃও এই বাহনত আছিল৷ পুত্ৰই বাহনখন চলাইছিল৷