সনাতন ধৰ্ম অনুসৰি তুলসী হৈছে অত্যন্ত পবিত্ৰ গছ৷ ঘৰত তুলসী গছ থাকিলে আৰু নিয়মিত তুলসী গছৰ পূজা কৰিলে সেই সংসাৰত কোনো বিপত্তি নাহে বুলি প্ৰচলিত বিশ্বাস৷ ধাৰণা কৰা হয় তুলসী গছত স্বয়ং মা লক্ষ্মীয়ে বাস কৰে৷ তুলসী গছ ঘৰত থাকিলে নিগেটিভ এনাৰ্জি দূৰ কৰে আৰু এই গছৰ শুভ প্ৰভাৱত সংসাৰত সুখ সমৃদ্ধিয়ে বিৰাজ কৰে৷
তুলসী গছত যদি হঠাৎ কোনো পৰিবৰ্তন আহে তেন্তে বুজিব যে আপোনাৰ সংসাৰত কোনো পৰিবৰ্তন আহিবলৈ গৈ আছে৷ সংসাৰত কোনো বিপদ অহাৰ পূৰ্বে তুলসী গছে নানানধৰণে সংকেত পঠিয়াই৷ যদি তুলসী গছ হঠাৎ শুকাই যায় বা ইয়াৰ পাত সৰিবলৈ ধৰে তেতিয়াই বুজিব যে আপোনাৰ সংসাৰত অশুভ শক্তিৰ আগমন ঘটে৷ জানি থওক সংসাৰত বিপদ অহাৰ পূৰ্বে তুলসী গছে কি কি সংকেত পঠিয়াই৷
কলা হৈ যোৱা তুলসী পাতে কি সংকেত দিয়ে?
যদি আপোনাৰ ঘৰত থকা তুলসী গছৰ পাত হঠাৎ কলা হৈ যায় তেন্তে সাৱধান হওক৷ ইয়াৰ অৰ্থ কাৰোবাৰ অশুভ নজৰ আপোনাৰ সংসাৰত পৰিছে৷ তুলসী গছৰ পাত কলা হৈ গলে যেনেকৈ সংসাৰলৈ বিপদ আহে তেন্তে সংসাৰত ডাঙৰ কোনো ক্ষতি হব পাৰে৷
তুলসী পাত শুকাই যোৱাৰ সংকেত
তুলসী গছ যিমানেই সতেজ আৰু সেউজীয়া হৈ থাকিব সিমানেই শুভ শক্তিৰ বিকিৰণ কৰিব৷ তুলসী গছৰ পাত যদি শুকাই যায় তেতিয়া বুজিব সংসাৰত নিগেটিভ এনাৰ্জি প্ৰবাহিত হব৷ ঘৰত অন্যায় আৰু অধৰ্মৰ প্ৰৱেশ ঘটিলে তুলসী গছৰ পাত শুকাই যাব পাৰে৷ ইয়াৰ ফলত সংসাৰ ছাৰখাৰ হৈ যাব পাৰে৷
তুলসী গছৰ পৰুৱাৰ আগমন
যদি দেখে যে তুলসী গছৰ কাষত বা টাবত পৰুৱা ঘূৰি ফুৰিছে তেন্তে ইয়াৰ অৰ্থ সংসাৰত আৰ্থিক অনাটন আহি আছে৷ ডাঙৰ আৰ্থিক ক্ষতি হব পাৰে বা ঘৰত চুৰিও হব পাৰে তুলসী গছত পৰুৱাৰ আগমন তাৰেই ইংগিত৷ বাস্তুশাস্ত্ৰই কৈছে, তুলসী গছত পৰুৱাৰ আগমন হলে বুজিব যে আপোনাৰ ঘৰত কোনো গোপন শত্ৰু আছে৷
তুলসী গছত নতুন পাতে পোখা নেমেলা
যদি নিয়মিত পানী দিয়া সত্ত্বেও তুলসী গছ নাবাঢ়ে বা তুলসী গছত নতুন পাতে পোখা নেমেলে তেন্তে ই কেৰিয়াৰত উন্নতি নোহোৱাৰ সংকেত দি আছে৷ ইয়াৰ অৰ্থ পৰিয়ালৰ সদস্যসকলৰ পেছাগত জীৱনত বৃহৎ ক্ষতি হবলৈ গৈ আছে৷ সন্তান সংক্ৰান্তিয় কোনো দুঃসংবাদ পাব পাৰে৷
পাতৰ ৰং পাতল হৈ যোৱা
তুলসী গছৰ পাতৰ ৰং যদি পাতল হৈ যায় তেন্তে বুজিব যে সংসাৰত অশান্তিৰ বীজে খোঁপনি পুতিছে৷ ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য হব পাৰে৷
ভুল দিশত তুলসী গছ
তুলসী গছ ঘৰৰ কোন দিশত ৰাখিব, বাস্তুশাস্ত্ৰত সেই বিষয়ে নিৰ্দিষ্টভাৱে উল্লেখ আছে৷ তুলসী গছ ৰখাৰ সঠিক দিশ হৈছে ঘৰৰ উত্তৰ, পূব আৰু উত্তৰ পূৱ দিশ৷ ভুল দিশত তুলসী গছ ৰাখিলে সংসাৰত ক্ৰমাগত নানান সমস্যা থাকিবই৷ পৰিয়ালৰ সদস্যসকল দুৰ্ভাগ্যৰ চিকাৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ