অসম লাইভ ২৪ঃ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ ক’কা ক’লা বিতৰ্কক সুযোগ হিচাপে গ্ৰহণ কৰি এক হাস্যৰসাত্মক বিজ্ঞাপন মুকলি কৰিছে বিখ্যাত আঠা ব্ৰেণ্ড ফেভিকলে। ফেভিকলৰ এই বিজ্ঞাপনে এতিয়া ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। ৰ’নাল্ডোৰ সংবাদমেলৰ ফটোখনৰ প্ৰায় হুবহু ফটো এখন লৈ ফেভিকলৰ এই বিজ্ঞাপন। কেৱল ক’কা-ক’লাৰ বটল দুটাৰ সলনি ফেভিকলৰ বটল ৰখা হৈছে ফটোখনত। ছ’চিয়েল মিডিয়াত সম্প্ৰতি বিজ্ঞাপনভিত্তিক এই মিমে প্ৰশংসা লাভ কৰিছে। বিজ্ঞাপন ভিত্তিক এই মিম এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে। হাংগেৰীৰ বিৰুদ্ধে ৩-০ গ’লত পৰ্তুগালৰ জয়ৰ পাছত এক সংবাদমেলত ফুটবল তাৰকাগৰাকীয়ে ক’কাকলাৰ দুটা বটল আঁতৰাই হাতত তুলি লৈছিল পানীৰ বটল। বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় খেলুৱৈ ৰ’নাল্ডোৰ এই কাৰ্যৰ পাছতে ইউৰো কাপৰ অন্যতম পৃষ্ঠপোষক লঘু পানীয়ৰ কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। সংবাদমেল শেষ হোৱালৈকে প্ৰায় ৪ বিলিয়ন মাৰ্কিন ডলাৰ বজাৰ মূল্যৰ লোকচানৰ সন্মুখীন হৈছিল ক’কা-ক’লা কোম্পানী। তাকে লৈ নতুন ধাৰাৰ বিজ্ঞাপন প্ৰস্তুত কৰি ৰ’নাল্ডোৰ সংবাদমেলৰ দৰে টেবুল-চকীৰ ফটো তুলি টেবুলত দুটা ফেভিকলৰ বটল ৰাখি সকলোৰে দৃষ্টি কাঢ়িছে আঠা ব্ৰেণ্ডটোৱে। টুইটাৰত ফটোখন শ্বেয়াৰ কৰি ফেভিকলে লিখিছে, ‘haye ni mera coka coka coka coka’। ছবিখনৰ তলত লিখা হৈছে “na bottle hategi, na valuation ghategi”।
Haye ni mera Coka Coka Coka Coka Coka#Euro2020 #Ronaldo #MazbootJod #FevicolKaJod pic.twitter.com/lv6YWrgfxB
— Fevicol (@StuckByFevicol) June 17, 2021
ফেভিকলে এই বিজ্ঞাপনে বাৰুকৈয়ে আকৃষ্ট কৰিছে সকলোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ