বাহিৰৰ খাদ্য গ্ৰহণ কৰাটো একেবাৰেই ভাল নহয় বুলি বহুলোকেই প্ৰায়েই দাবী কৰি আহিছে৷ আপুনি মই ভালপোৱা খাদ্যৰ ভিতৰত আইচক্ৰীমো এবিধ৷ আইচক্ৰিম ঘৰত বনাই খোৱাটো কঠিন কাম বুলি বহুতেই বাহিৰৰ পৰাই আইচক্ৰীম ক্ৰয় কৰি খাই৷ গৰমৰ দিনত সকাহ পাবৰ বাবে বহুতে শীতল পানীয়ৰ সলনি আইচক্ৰীম খাই৷ কিন্তু আইচক্ৰীম খোৱাৰ আগতে আপুনি ১০০ বাৰ ভাৱক৷ মুম্বাইত এজন ব্যক্তিয়ে আইচক্ৰীম অৰ্ডাৰ দি আচৰিত হৈছে৷ আইচক্ৰীমৰ ভিতৰত ওলাইছে কটা আঙুলিৰ টুকুৰা৷ কেনেকৈ মানুহৰ কটা আঙুলিৰ টুকুৰা আইচক্ৰীমৰ ভিতৰত সোমাল সেই বিষয়টোক লৈ এক বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে ব্যক্তিজনে৷ আপোনাৰ সৈতেও তেনেধৰণৰ ঘটনা সংঘটিত হ’লে কাক কমপ্লেইন দিব? কাৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰিব জানি থওক সবিশেষ৷
FSSAI ত অভিযোগ দাখিল কৰিব পাৰে
খাদ্য নিম্নমানৰ হ’লে তাৰ বিৰুদ্ধে যিকোনো অভিযোগ, খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত অভিযোগ দাখিল কৰিব পাৰি। এনে ক্ষেত্ৰত অনলাইন বা টোল ফ্ৰী নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে FSSAIৰ fssai.gov.in লৈ যাব লাগিব । ইয়াৰ পিছত আপুনি Share Your Concern ত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপুনি নিজেই পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ পিছত আপুনি লগ ইন কৰিব লাগিব।
লগ ইন কৰাৰ পিছত প্ৰাসংগিক শিতান অৰ্থাৎ খাদ্যৰ ধৰণ, খাদ্য যোগানৰ চৌহদ ইত্যাদি নিৰ্বাচন কৰিব লাগিব। শ্ৰেণী নিৰ্বাচন কৰাৰ পিছত আপোনাৰ সন্মুখত এটা বৰ্ণনাত্মক প্ৰ-পত্ৰ ওলাব। য’ত আপুনি খাদ্যৰ ফটো আৰু ইয়াৰ সম্পূৰ্ণ বিৱৰণ জমা দিব লাগিব। ফৰ্মখন সফলতাৰে জমা দিয়াৰ পিছত আপুনি এটা ৰেফাৰেন্স নম্বৰ পাব যাৰ সহায়ত আপুনি যিকোনো সময়তে আপোনাৰ অভিযোগ সম্পৰ্কে পৰীক্ষা কৰিব পাৰিব। ইয়াৰ লগতে ১৮০০১১২১০০ নম্বৰত ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰিব।
কাৰাবাসৰ লগতে জৰিমনাও ভৰিব পাৰে
খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ ৫৪ নং ধাৰাত খাদ্যৰ গুণগত মান নিম্ন বা অলাগতিয়াল পদাৰ্থ ওলালে বিশেষ কোম্পানীটোয়ে ১ লাখ পৰ্যন্ত জৰিমনা বিহিব পাৰে। ইয়াৰ লগতে ৬ মাহৰ কাৰাদণ্ডও হ’ব পাৰে। ইয়াৰ লগতে আইনৰ ৫৯ নং ধাৰাত যদি খাদ্যত যোগ কৰা উপাদানসমূহ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয় তেতিয়া জৰিমনা ২লাখ পৰ্যন্ত হ’ব পাৰে৷ খাদ্য খাই যদি কোনো লোক অসুস্থ হৈ পৰে তেন্তে জৰিমনাৰ পৰিমাণ ১০ লাখ টকা পৰ্যন্ত হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ