ভয়ংকৰ বিস্ফোৰণ, বৰ্তমানলৈ মৃতকৰ সংখ্যা ৭ লৈ বৃদ্ধি, ৩০ৰো অধিক আহত, ৩ কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল প্ৰচণ্ড শব্দ
আজি সংঘটিত হোৱা এক ভয়ংকৰ বিস্ফোৰণে কঁপাই তোলে মহাৰাষ্ট্ৰ। প্ৰথমে বোম ব্লাষ্ট হোৱা বুলি ভবা হৈছিল। ৩ কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল সেই বিস্ফোৰণৰ প্ৰচণ্ড শব্দ। বিস্ফোৰণৰ ফলত মৃত্যু হৈছিল ৭ জনকৈ লোকৰ।
পাছে সেয়া বোম ব্লাষ্ট নাছিল। মহাৰাষ্ট্ৰৰ ডম্বিৱলীৰ এমআইডিচি অঞ্চলত অৱস্থিত এটা কাৰখানাত বয়লাৰ বিস্ফোৰণৰ ফলত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। বিস্ফোৰণটো ইমানেই প্ৰবল আছিল যে ইয়াৰ শব্দ দুই তিনি কিলোমিটাৰলৈকে শুনা গৈছিল। কাষৰ অট্টালিকাৰ গ্লাচ পৰ্যন্ত ভাঙি গৈছিল।
দুৰ্ঘটনাটোত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হয়। বিস্ফোৰণৰ ফলত একাংশ বাহনৰ ক্ষতিসাধন হয়। বয়লাৰ বিস্ফোৰণৰ ফলত জুইৰ লেলিহান শিখাইয়ো আগুৰি ধৰে।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে ডম্বিৱলীৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ শোক প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিয়ে। তেওঁ কয়, “ডম্বিৱলী এম আই ডি চিৰ আমুডান কেমিকেল কোম্পানীত বয়লাৰ বিস্ফোৰণৰ কাণ্ড মৰ্মান্তিক। ঘটনাত ৮ জন লোকক নিলম্বন কৰা হৈছে। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে আৰু অধিক এম্বুলেন্স সাজু কৰি ৰখা হৈছে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ