বিবাহিত জীৱনত কাজিয়া! আৰক্ষীক মতাৰ পূৰ্বে জানি লওক উচ্চতম ন্যায়ালয়ৰ ই নিৰ্দেশনা
যদি কোনো বিবাহিত দম্পতীয়ে আপোনাৰ ওচৰত বা আপোনাৰ পৰিয়ালত কাজিয়া কৰে, তেন্তে আৰক্ষীক ফোন কৰি ইয়াৰ সমাধান কৰাৰ পূৰ্বে অলপ সময় ৰৈ উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শ জানি লওক।
শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ে বিবাহিত দম্পতীৰ মাজত হোৱা কাজিয়াত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কঠোৰ মন্তব্য কৰিছে। আদালতে কয় যে প্ৰতিটো বিবাহৰ ভেটি সহনশীলতা, সন্মান আৰু সমন্বয়ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।
স্বামী আৰু পত্নীৰ মাজত তৰ্ক হোৱাটো স্বাভাৱিক৷ এনে অৱস্থাত যদি কোনো পৰিয়ালে আৰক্ষীক ফোন কৰে বা আৰক্ষীৰ কাষ চাৰে, তাৰ অৰ্থ সেই দম্পতীহালে তেওঁলোকে বিবাহৰ অন্ত পেলাব বিচাৰে।
এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কয় যে হিংসাত্মক ঘটনাৰ সময়তহে আৰক্ষীক মাতিব লাগে। আৰক্ষীক সমস্যা সমাধানৰ বাবে মাতি অনাটো সম্পৰ্কৰ শেষ তথা ত্যাগ কৰাৰ দৰেই।
উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত দিয়া পৰামৰ্শ –
১/ বিয়াৰ পিছত যদি স্বামী – স্ত্ৰীৰ মাজত কাজিয়া হয়, তেন্তে তৎক্ষণাত পুলিচ মাতিব নালাগে । কাজিয়াৰ সময়ত যেতিয়া প্ৰকৃত হিংসাত্মক কাণ্ড সংঘটিত হৈছে তেতিয়া শেষত আৰক্ষীৰ পৰা সহায় লওক ।
২/ স্বামী -স্ত্ৰীৰ বিবাদত আত্মীয়ই সংযম ৰাখিব লাগে। বহু সময়ত সৰু সৰু বিবাদ দুয়োপক্ষই বহুত ডাঙৰ কৰি তোলে, তাৰ পিছত সম্পৰ্ক উন্নত কৰাৰ পৰিসৰ হেৰাই যায় ৷
৩/ বিবাহিত দম্পতীয়ে কাজিয়া কৰি থাকোতে চিন্তা নকৰে, ইয়াৰ দ্বাৰা কি লাভ হ’ব? অপৰাধমূলক কাৰ্য্যবিধি আৰম্ভ হোৱাৰ প্ৰত্যক্ষ প্ৰভাৱ শিশুৰ ওপৰত পৰে। এই বিষয়ে চিন্তা কৰাটো অতি প্ৰয়োজনীয়।
৪/ আৰক্ষীৰ ওচৰলৈ যোৱাটো সকলো সমস্যাৰে সমাধান নহয়, কিন্তু স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ’লে , মহিলাসকলে প্ৰায়ে লগে লগে আৰক্ষীক ফোন কৰে। আৰক্ষীক ফোন কৰা মানে সম্পৰ্ক সম্পূৰ্ণৰূপে শেষ কৰা৷
৫/ ভাল বিবাহৰ ভেটি সহনশীলতা, সামঞ্জস্য আৰু ইজনে সিজনক সন্মান কৰাত নিহিত হৈ থাকে। দুয়োপক্ষৰ ভুলবোৰ এক নিৰ্দিষ্ট পৰিমাণে সহ্য কৰিব পৰা ক্ষমতা থাকিব লাগে, তেতিয়াহে বিবাহ সফল হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ