আজিৰ দিনটো আপোনাৰ বাবে কেনেকুৱা হ’ব? কৰ্মক্ষেত্ৰত আহিব নেকি নতুন সুযোগ, আৰ্থিক দিশত লাভৰ সম্ভাৱনা আছেনে, প্ৰেমৰ সম্পৰ্কত বা পাৰিবাৰিক জীৱনত কেনে পৰিস্থিতিৰ সৃষ্টি হ’ব? জ্যোতিষশাস্ত্ৰৰ পৰম্পৰাগত বিশ্বাস অনুসৰি, ১৭ অক্টোবৰ, শনিবাৰে ১২টা ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটোৰ সম্ভাৱ্য ফলাফল তলত সহজ ভাষাত আগবঢ়োৱা হ’ল।
1. মেষ ৰাশি (Aries)
আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কাম আগবঢ়াই নিয়াৰ বাবে সময় অনুকূল হ’ব পাৰে। ব্যৱসায়ীসকলে নতুন কামৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ কথা কওঁতে সংযমী হওক। আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক।
শুভ ৰং: বেঙুনীয়া
শুভ সংখ্যা: ১
2. বৃষ ৰাশি (Taurus)
আজি পৰিয়ালৰ লোকৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন পৰিস্থিতিৰ সৃষ্টি হ’লেও ধৈৰ্যৰে কাম কৰিলে সুফল পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি নকৰিব। ব্যৱসায়ত নতুন সুযোগ আহিলে লাভ-লোকচানৰ হিচাপ কৰি আগবাঢ়ক। সন্তানৰ পঢ়া-শুনাৰ প্ৰতিও মনোযোগ দিয়ক।
শুভ ৰং: বগা
শুভ সংখ্যা: ৬
3. মিথুন ৰাশি (Gemini)
আজিৰ দিনটোত নতুন মানুহৰ সৈতে চিনাকি বা কৰ্মক্ষেত্ৰৰ যোগাযোগৰ জৰিয়তে লাভজনক সুযোগ লাভ কৰিব পাৰে। পুৰণি কোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনাও থাকিব পাৰে। অৱশ্যে বাহন চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। দাম্পত্য জীৱনত বুজাবুজি বজাই ৰাখক আৰু খৰখেদাকৈ কোনো প্ৰতিশ্ৰুতি নিদিব।
শুভ ৰং: সেউজীয়া
শুভ সংখ্যা: ৫
4. কৰ্কট ৰাশি (Cancer)
আজি আৰ্থিক বিষয়ত বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন হ’ব পাৰে। উপাৰ্জন আৰু খৰচৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰক। পৰিয়ালৰ কোনো কামত ব্যস্ততা বৃদ্ধি পাব পাৰে। ব্যৱসায়ত পৰিৱৰ্তন আনিবলৈ বিচাৰিলে আগতে পৰিকল্পনা কৰি লওক। মানসিক চাপ কমাবলৈ পৰ্যাপ্ত বিশ্ৰাম লওক।
শুভ ৰং: ৰূপালী
শুভ সংখ্যা: ২
5. সিংহ ৰাশি (Leo)
বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰাৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা দেখুওৱাৰ লগতে আনৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰাৰ ক্ষেত্ৰত সাৱধান হওক। পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব। হঠাৎ ভ্ৰমণৰ প্ৰয়োজন হ’লে সময়ৰ সঠিক ব্যৱস্থাপনা কৰক।
শুভ ৰং: সোণালী
শুভ সংখ্যা: ১
6. কন্যা ৰাশি (Virgo)
আজি কাম-কাজত আগৰ তুলনাত উন্নতি অনুভৱ কৰিব পাৰে। অৱশ্যে অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। নতুন কাম আৰম্ভ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ ল’লে উপকৃত হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে মতভেদ হ’লে খঙৰ সলনি বুজাবুজিৰে সমাধানৰ চেষ্টা কৰক। খৰচৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণ বজাই ৰাখক।
শুভ ৰং: গাঢ় সেউজীয়া
শুভ সংখ্যা: ৫
7. তুলা ৰাশি (Libra)
আজি আত্মবিশ্বাস আৰু ধৈৰ্য বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। কৰ্মক্ষেত্ৰত আগৰ কোনো ভুলৰ বাবে সমালোচনাৰ সন্মুখীন হ’ব পাৰে, সেয়ে কামত অধিক মনোযোগ দিয়ক। ঘৰ বা সম্পত্তি সম্পৰ্কীয় বিষয়ত নতুন পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হোৱাৰ সম্ভাৱনা আছে।
শুভ ৰং: পাতল নীলা
শুভ সংখ্যা: ৬
8. বৃশ্চিক ৰাশি (Scorpio)
আজি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অত্যন্ত প্ৰয়োজনীয়। সৰু কথাক লৈ আপোনজনৰ সৈতে বিবাদত জড়িত নহ’ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিলে ধৈৰ্যৰে পালন কৰক। ধন বিনিয়োগ বা ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ পৰীক্ষা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা নকৰি নিয়মিত বিশ্ৰাম লওক।
শুভ ৰং: মেৰুণ
শুভ সংখ্যা: ৯
9. ধনু ৰাশি (Sagittarius)
আজি নতুন চিন্তা আৰু পৰিকল্পনাই আপোনাক উৎসাহিত কৰিব পাৰে। কৰ্মক্ষেত্ৰত কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ দায়িত্ব সময়মতে সম্পূৰ্ণ কৰক। প্ৰেমৰ সম্পৰ্কত কথা কওঁতে সংযম বজাই ৰাখক। দূৰত থকা আত্মীয়ৰ সৈতে যোগাযোগ হ’ব পাৰে। নতুন কিবা শিকিবলৈ বা ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ দিনটো ব্যৱহাৰ কৰিব পাৰে।
শুভ ৰং: হালধীয়া
শুভ সংখ্যা: ৩
10. মকৰ ৰাশি (Capricorn)
আজি কামৰ ক্ষেত্ৰত অধিক সতৰ্ক আৰু দায়িত্বশীল হোৱা উচিত। কোনো ব্যক্তিৰ কথাত সহজে বিশ্বাস কৰি আৰ্থিক লেনদেন নকৰিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। প্ৰেমৰ সম্পৰ্কত সৰু-সুৰা মতভেদ হ’লেও ধৈৰ্যৰে কথা পাতক। অসম্পূৰ্ণ কামবোৰৰ তালিকা প্ৰস্তুত কৰি এটাৰ পিছত এটাকৈ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক।
শুভ ৰং: মুগা
শুভ সংখ্যা: ৮
11. কুম্ভ ৰাশি (Aquarius)
আজি কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাই আপোনাক আগুৱাই নিয়াত সহায় কৰিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ কামৰ জৰিয়তে পৰিচিতি লাভ কৰাৰ সুযোগ থাকিব। অৱশ্যে আনৰ প্ৰৰোচনাত পৰি বিনিয়োগ নকৰিব। পাৰিবাৰিক বিষয়ত ধৈৰ্য ধৰক আৰু পিতৃ-মাতৃৰ সৈতে কথা কওঁতে মৰম আৰু সন্মান বজাই ৰাখক।
শুভ ৰং: আকাশী নীলা
শুভ সংখ্যা: ৪
12. মীন ৰাশি (Pisces)
আজি পৰিয়ালৰ সহায়-সহযোগিতাই আপোনাক মানসিকভাৱে শক্তিশালী কৰি তুলিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম আগবঢ়াই নিয়াৰ সুযোগ পাব পাৰে। ব্যৱসায়ীসকলে ভৱিষ্যতৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে। অৱশ্যে কেৰিয়াৰ সম্পৰ্কীয় সিদ্ধান্ত খৰখেদাকৈ নল’ব। অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰি থাকি নিজৰ লক্ষ্যত মনোযোগ দিয়ক।
শুভ ৰং: হালধীয়া
শুভ সংখ্যা: ৩
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















