• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

48 minutes ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

19 minutes ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

10 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

10 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

11 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

11 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

12 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

12 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

14 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

15 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

ছাদেৰে পানী পৰা উৱলি যোৱা ঘৰৰ বেৰ...

editor by editor
October 17, 2026
in ক্ৰীড়া, বিনোদন, ভাৰত, লেখা
0
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী
0
SHARES
39
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
তেওঁৰ নিজৰ বন্দুক নাছিল, আনৰ পৰা ধাৰলৈ লোৱা বন্দুকেৰে আৰম্ভ কৰিছিল অনুশীলন। পৰিয়ালৰ আৰ্থিক অৱস্থা ইমানেই দুৰ্বল যে আজিও চৰকাৰী সুলভ মূল্যৰ দোকানৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। উৱলি গৈছিল ঘৰৰ বেৰ, ছাদেৰে পৰিছিল বৰষুণৰ পানী। সেই পৰিয়ালৰে কন্যা নীৰু ধাণ্ডাই আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ নাম উজলাইছে। জাপানৰ নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত দুটাকৈ সোণৰ পদক জয় কৰি তেওঁ ৰচনা কৰিছে এক নতুন ইতিহাস। নীৰু ধাণ্ডাৰ সফলতাৰ কাহিনী কেৱল এগৰাকী খেলুৱৈৰ জয়ৰ কাহিনী নহয়। ই হৈছে দৰিদ্ৰতা, প্ৰতিকূলতা আৰু সীমিত সুবিধাৰ মাজতো নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমেৰে লক্ষ্যত উপনীত হোৱাৰ এক অনুপ্ৰেৰণাদায়ক উদাহৰণ। ২৬ বছৰীয়া নীৰু ধাণ্ডাই ট্ৰেপ শ্বুটিঙৰ ব্যক্তিগত শাখাত সোণৰ পদক জয় কৰি এছিয়ান গেমছত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও মিক্সড ট্ৰেপ শ্বুটিংতো আন এটা সোণৰ পদক জয় কৰে তেওঁ।
হাৰিয়ানাৰ জিন্দ জিলাৰ এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নীৰুৰ শৈশৱ আৰ্থিক অভাৱৰ মাজেৰে পাৰ হৈছিল। তেওঁৰ পিতৃ এগৰাকী দুখীয়া কৃষক। এছিয়ান গেমছত নীৰুৱে প্ৰথমটো সোণৰ পদক জয় কৰাৰ সময়ত তেওঁৰ মাতৃয়ে টেলিভিছনত খেলখন চোৱাৰো সৌভাগ্য হোৱা নাছিল। কিয়নো সেই সময়ত তেওঁ পৰিয়ালৰ বাবে চৰকাৰী ৰেচনৰ দোকানত ঘেঁহু সংগ্ৰহৰ বাবে শাৰী পাতি আছিল। এফালে আৰ্থিক অনাটন, আনফালে ব্যয়বহুল খেলৰ সৈতে জড়িত প্ৰত্যাহ্বান—এই সকলো বাধা অতিক্ৰম কৰিয়েই নীৰুৱে আজি ভাৰতৰ অন্যতম সফল শ্বুটাৰ হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে। শ্বুটিং সাধাৰণতে ব্যয়বহুল খেল হিচাপে পৰিচিত। এই খেলত আগবাঢ়িবলৈ উন্নত মানৰ বন্দুক-ৰাইফল, গুলী, প্ৰশিক্ষণ, অনুশীলনৰ বাবে উপযুক্ত স্থান আৰু নিয়মীয়া প্ৰতিযোগিতাৰ প্ৰয়োজন হয়। কিন্তু নীৰুৰ আৰম্ভণি হৈছিল সম্পূৰ্ণ বিপৰীত। তেওঁৰ হাতত নাছিল কোনো আধুনিক ক্ৰীড়া বন্দুক বা ৰাইফল। পৰিয়ালৰ হাতত থকা সাধাৰণ দুনলীয়া বন্দুক ব্যৱহাৰ কৰি তেওঁ টিনৰ টেমাক লক্ষ্য হিচাপে লৈ গুলী চলোৱাৰ অনুশীলন কৰিছিল। হাৰিয়ানাৰ কৃষক পৰিয়ালত শস্যৰ সুৰক্ষাৰ বাবে এনে বন্দুক ৰখা সাধাৰণ কথা। আৰম্ভণিতে নিজৰ বন্দুক নথকাৰ বাবে তেওঁ আনৰ পৰা বন্দুক ধাৰলৈ লৈ অনুশীলন কৰিছিল।
পৰৱৰ্তী সময়ত কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে। ইটালীৰ লোনাটো ডেল গাৰ্ডাত অনুষ্ঠিত আই এছ এছ এফ শ্বটগান বিশ্বকাপত সোণৰ পদক জয় কৰি তেওঁ এই প্ৰতিযোগিতাৰ সংশ্লিষ্ট শাখাত সোণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপেও পৰিচিত হয়। এতিয়া এছিয়ান গেমছত দুটাকৈ সোণৰ পদক জয়ে তেওঁৰ ক্ৰীড়া জীৱনলৈ আন এক উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিছে।
নীৰু ধাণ্ডা ভাৰতীয় সেনাৰ এগৰাকী নায়েব সুবেদাৰ। মহিলাৰ বাবে সেনাৰ কনিষ্ঠ পদসমূহত নিযুক্তিৰ সুযোগ মুকলি হোৱাৰ পিছত তেওঁ ক’ৰ্পছ অব মিলিটাৰী পুলিচত যোগদান কৰে। সেনাত যোগদান কৰাৰ পিছত তেওঁৰ শ্বুটিং কেৰিয়াৰে নতুন গতি লাভ কৰে। তেওঁ মধ্যপ্ৰদেশৰ মহৌত অৱস্থিত সেনাৰ মাৰ্কছমেনশ্বিপ ইউনিটত প্ৰশিক্ষণ লাভ কৰে। এই কেন্দ্ৰত বিভিন্ন শাখাৰ শ্বুটাৰসকলক উন্নত প্ৰশিক্ষণ, প্ৰয়োজনীয় সুবিধা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰা হয়। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পৰা অহা খেলুৱৈসকলৰ বাবে এনে প্ৰতিষ্ঠানৰ সহায় অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ, প্ৰতিভা থাকিলেও প্ৰয়োজনীয় সা-সুবিধা আৰু আৰ্থিক সমৰ্থনৰ অভাৱত বহু খেলুৱৈয়ে নিজৰ সপোন পূৰণ কৰিব নোৱাৰে।
ট্ৰেপ শ্বুটিঙত প্ৰতিযোগিতামূলকভাৱে আগবাঢ়িবলৈ যথেষ্ট ধন ব্যয় কৰিবলগীয়া হয়। বন্দুকৰ উপৰি গুলী, প্ৰশিক্ষণ, অনুশীলনৰ স্থান আৰু অন্যান্য সা-সুবিধাৰ বাবেও বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হয়। এই খেলবিধত ব্যৱহৃত গুলীৰ ব্ৰেণ্ড অনুসৰি প্ৰতিটো গুলীৰ মূল্য প্ৰায় ২০০ৰ পৰা ৩০০ টকা হ’ব পাৰে। ব্যক্তিগতভাৱে সকলো খৰচ বহন কৰিবলগীয়া হোৱা খেলুৱৈৰ বাবে নিয়মীয়া অনুশীলন যথেষ্ট ব্যয়বহুল হৈ পৰে। সেইবাবেই এই খেলখন দীৰ্ঘদিন ধৰি আৰ্থিকভাৱে স্বচ্ছল লোকসকলৰ মাজত অধিক জনপ্ৰিয় আছিল। কিন্তু নীৰু ধাণ্ডাই দেখুৱাই দিলে যে সফলতাৰ বাবে কেৱল ধন-সম্পত্তিয়েই যথেষ্ট নহয়; প্ৰতিভা, একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু উপযুক্ত সুযোগো সমানেই গুৰুত্বপূৰ্ণ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asian gamesasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!
বিশ্ব

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

October 17, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 17, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

October 16, 2026
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক
বাণিজ্য

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

October 16, 2026
Next Post
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

'লোকলৈ হুল পুতি নিজে মৰে ফুটি' উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.