১৯৯২ চনৰ ৩ ডিচেম্বৰ। ইংলেণ্ডৰ বাৰ্কছায়াৰৰ এগৰাকী ইঞ্জিনিয়াৰে লিখিছিল দুটা শব্দ। সেইদিনাই ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল সেই বাৰ্তাই কাৰণ সেইয়া আছিল প্ৰযুক্তিৰ ইতিহাসত মোবাইল ফোনত পঠিওৱা প্ৰথমটো টেক্সট মেছেজ। তাৰপাছতেই ইয়াৰ নাম দিয়া হয় SMS। সম্পূৰ্ণ অৰ্থ ছৰ্ট মেছেজ ছাৰ্ভিছ। ২০২৪ চনৰ ৩ ডিচেম্বৰত ৩২ বছৰ সম্পূৰ্ণ হৈছে এই প্ৰযুক্তিৰ আৰম্ভণিৰ।
ভোডাফোনৰ ইঞ্জিনিয়াৰ নীল পাৰ্পোৰ্থে তেওঁ বছ ৰিচাৰ্ড জাৰ্ভিছক পঠিয়াইছিল সেই বাৰ্তা। লিখিছিল, ‘মেৰি ক্ৰিছমাছ।’ ৰিচাৰ্ডে সেই সময়ত বৰদিনৰ পাৰ্টিত ব্যস্ত থকাৰ সময়ত নীলৰ সেই বাৰ্তাৰ উত্তৰ তেওঁ দিব নোৱাৰিলে। পাছলৈ এক সাক্ষাৎকাৰত নীলে কয়, তেতিয়া তেওঁ বুজিব পৰা নাছিল যে এই বাৰ্তা মোবাইল পৰিসেৱাৰ অবিচ্ছেদ্য অংগ হৈ পৰিব। আবিৰ্ভাৱৰ এবছৰ পাছত অর্থাৎ ১৯৯৩ চনত মোবাইল প্ৰস্তুতকাৰী সংস্থাই SMS সৰ্বসাধাৰণৰ বাবেও মুকলি পৰিসেৱা হিচাপে ঘোষণা কৰে। প্ৰথম মেছেজ পঠিওৱাৰ প্ৰায় ৭বছৰ পাছত অর্থাৎ ১৯৯৯ চনৰ পৰা SMSয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ