এই দেশে বিয়লিতে পালিলে নৱবৰ্ষ, কোনো দেশে আকৌ কাইলৈ দিনত হে ভৰি দিব নতুন বছৰত
ইতিমধ্যে কেইবাখনো দেশে উদযাপন কৰিলে নতুন বৰ্ষ, কোনো দেশে আকৌ কাইলৈহে পালন কৰিব নতুন বৰ্ষ। ভাৰতে আজি নিশা ১২ বজাৰ লগে লগে নতুন বছৰত ভৰি দিব। সমগ্ৰ্ৰ বিশ্বৰে মান সময় বেলেগ বেলেগ হোৱাৰ বাবে নতুন বছৰ পালন কৰাৰ সময়ো বেলেগ বেলেগ।
পাছে কোন কোন দেশে আজি বিয়লিতে পালন কৰিলে নৱ বৰ্ষ। এই তালিকাত আছে কেইবাখনো দেশৰ নাম। ইয়াৰ বাহিৰে আকৌ কেইবাখনো দেশে কাইলৈ হে ভৰি দিব নতুন বছৰত।
ভাৰতীয় সময় (Indian Standard Time) অনুসৰি কিৰিবাতি আইলেণ্ডে আজি ৩১ ডিচেম্বৰৰ বিয়লি ৩.৩০ বজাতেই পালন কৰিলে নতুন বৰ্ষ। ইয়াৰ সমান্তৰালকৈ –
নিউজিলেণ্ডও ৩.৩০ বজাতে উদযাপন কৰে নতুন বছৰ।
টোংগা এণ্ড চোমা ই ৪.৩০ বজাত প্ৰৱেশ কৰে নতুন বছৰত।
ৰাছিয়া আৰু ফিজিয়ে ৫.৩০ বজাত পালন কৰে নৱ বৰ্ষ।
অষ্ট্ৰেলিয়াই ৬.৩০ বজাত পালন কৰিব নতুন বছৰ।
পাপুৱা নিউ গিনিয়াই ৭.৩০ বজাত
ভাৰতে মাজ নিশা ১২ বজাত পালন কৰিব নতুন বছৰ। ভাৰতৰ পাছত নতুন বছৰ পালন কৰিব
আমেৰিকা কাইলৈ দিনৰ ১১ বজাত আৰু হাউলেণ্ড দ্বীপ আৰু বেকাৰ দ্বীপে কাইলৈ সন্ধিয়া ৫.৩০ বজাত পালন কৰিব নতুন বছৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ