অসম লাইভ২৪ঃ আকৌ এবাৰ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কিয়াৰা টানেলৰ দৰেই ঘটনাৰ পুনৰাবৃত্তি। হাৰিয়ানাৰ গুৰুগ্ৰামৰ নিৰ্মীয়মান এটা মন্দিৰৰ দেৱাল খহি ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে ৫জন শ্ৰমিক। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। ঘটনাস্থলীত উপস্থিত হৈছে এম্বুলেঞ্চো। সূত্ৰৰ খবৰমতে, হাৰিয়ানা, গুৰুগ্ৰামৰ ছেক্টৰ-১৫ত জগন্নাথ মন্দিৰৰ নিৰ্মাণকাৰ্য চলি আছিল। কেইবাজনো শ্ৰমিকে এই স্থানতেই কাম কৰি আছিল। নিৰ্মাণৰ মাজতেই হঠাৎ খহি পৰে মন্দিৰৰ দেৱাল। তাতেই আৱদ্ধ হৈ পৰে ৫গৰাকীকৈ শ্ৰমিক।
দীপাৱলীৰ দিনা অৰ্থাৎ ১২ নৱেম্বৰত উত্তৰাখণ্ডৰ ছিল্কিয়াৰাত নিৰ্মীয়মান সুৰংগ খহি আৱদ্ধ হৈ পৰিছিল ৪১জন শ্ৰমিক। তাৰপিছতেই এইবাৰ হাৰিয়ানাৰ গুৰুগ্ৰামত একেই ঘটনাৰ পুনৰাবৃত্তি। এই দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’ত দেখা গৈছে যে, ঘটনাস্থলৰ আশেপাশে উদ্ধাৰ অভিযান চলিছে। জেছিবি মেছিনেৰে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। উদ্ধাৰকৰ্মীৰ সৈতে সেই স্থানত উপস্থিত হৈছে স্থানীয় আৰক্ষী।
উল্লেখ্য যে, অক্টোবৰ মাহত জম্মুৰ ৰণবীৰেশ্বৰ মন্দিৰৰ এটা অংশ খহি পৰিছিল। সেই ঘটনাত দ্ৰুততৰভাৱে উদ্ধাৰকাৰী দল উপস্থিত হ’লেও জীৱন্তে উদ্ধাৰ কৰিব পৰা হোৱা নাছিল শ্ৰমিক কেইজনক। ২১ জন শ্ৰমিকৰ মৃতদেহ অৱশ্যে উদ্ধাৰ কৰিছিল দলটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ