মেডিকেল বা অন্যান্য ইমাৰ্জেন্সিত বিমানৰ জৰুৰি অৱতৰণ নতুন কথা নহয়৷ কিন্তু এইবাৰ এক অদ্বুত কাৰণত জৰুৰী অৱতৰণ কৰিলে নিউয়ৰ্কগামী আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানে৷ ইয়াৰ কাৰণ হ’ল বিমানৰ যাত্ৰীসকলৰ মাজত হোৱা এক বিভ্ৰান্তি৷ এই জৰুৰী অৱতৰণৰ কাৰণ কি আছিল?
বহুতেই শুনি হাঁহিছে যদিও এয়াই সত্য৷ বিগত জুন মাহত লছ এঞ্জেলছৰ পৰা নিউয়ৰ্কগামী আমেৰিকাৰ এখন বিমানে উৰণ আৰম্ভ কৰিছিল মাত্ৰ৷ কিন্তু নিউয়ৰ্ক পোৱাৰ আগতেই আকৌ অহা বাটে উভতিল বিমানখন৷ তাৰপিছতেই বিমানৰ জৰুৰী অৱতৰণ৷ ইয়াৰ অন্যতম কাৰণ হ’ল ফ্লাইটত এগৰাকী মহিলা যাত্ৰীৰ মূৰত থকা ওকনিৰ কিলবিলনি৷ যাত্ৰীসকলৰ নিৰাপত্তাৰ বাবেই বিমানখনে জৰুৰী অৱতৰণ কৰে৷ নিজৰ এক টিকটক ভিডিঅ’ প্ৰকাশ কৰি এই দাবী কৰিছে সেই বিমানৰ এগৰাকী যাত্ৰী ইথান জুডেলছনে৷
জুডেলছনৰ অভিযোগ, আমেৰিকান এয়াৰলাইন্সৰ এই জৰুৰী অৱতৰণৰ কোনো কাৰণ তেওঁলোকে জনোৱা নাই৷ হঠাৎ ফ্লাইটখন অৱতৰণ কৰাই৷ এনেকৈ অৱতৰণ কৰা দেখি প্ৰথমে ইথানো আচৰিত হৈছিল৷ বিমানত কোনো অসুস্থ ব্যক্তিও তেওঁৰ চকুত পৰা নাছিল৷ বিমানখনে অৱতৰণ কৰাৰ লগে লগেই এগৰাকী মহিলা ফ্লাইটৰ পৰা লগে লগে নামি যায়৷ তেতিয়াই তেওঁ অন্য যাত্ৰীৰ সৈতে মহিলাগৰাকী ওলাই যোৱা সন্দৰ্ভত কথা বতৰা পাতে৷
তাৰপাছতেই সংস্থাৰ তৰফৰ পৰা জনোৱা হয় যে ১৫ জুনত লছ এঞ্জেলছৰ পৰা নিউয়ৰ্কগামী আমেৰিকান এয়াৰলাইন্সৰ ফ্লাইট ২২০১য়ে জৰুৰী অৱতৰণ কৰে৷ এগৰাকী যাত্ৰীৰ মেডিকেল ইমাৰজেন্সিৰ কাৰণেই এই সিদ্ধান্ত লোৱা হৈছিল৷ প্ৰত্যেক যাত্ৰীলৈকে অৱতৰণৰ পাছত একোটাকৈ মেইল আহে৷ ১২ ঘণ্টা বিশ্ৰামৰ পাছত আকৌ সেই বিমান নিউয়ৰ্কলৈ উৰা মাৰে৷ কিন্তু সংস্থাৰ বিবৃত্তিত সন্তুষ্ট নহ’ল ইথান৷ তেওঁৰ মতে ঘটনা বেলেগ৷ তেওঁৰ সহযাত্ৰীৰ সৈতে হোৱা আলোচনাত গম পাইছে যে ওকনিৰ বাবেই এগৰাকী মহিলাক এই ফ্লাইটৰ পৰা নমাই দিয়া হৈছে৷ অত্যধকি ওকনি দেখি কাষত বহা মহিলাগৰাকীয়ে বিমানসেৱিকাক কমপ্লেন দিয়ে৷ তেতিয়াই অন্যন্য যাত্ৰীৰ কথা ভাৱি বিমানৰ পৰা ওকনি থকা মহিলাগৰাকীক নমাবলৈকে জৰুৰী অৱতৰণ কৰে ফ্লাইটে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















