‘শনিৰ দশা’ যেন শেষ হোৱা নাই এয়াৰ ইণ্ডিয়াৰ৷ এটাৰ পাছত আনটো বিপত্তি৷ আহমেদাবাদ বিমান দুৰ্ঘটনাৰ পাছৰে পৰাই যেন আৰম্ভ হৈছে ঘোৰ সংকটকাল৷ এইবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত মাজ আকাশতেই অসুস্থ হৈ পৰিছিল এগৰাকী যাত্ৰী৷ ফ্লাইট অৱতৰণৰ পাছতেই ব্যক্তিগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷
কানাডাৰ পৰা ভায়া কলকাতা হৈ দিল্লীলৈ গৈছিল AI 186 বিমানখন৷ বিমানখনে যেতিয়া কানাডাৰ পৰা কলকাতাত আহি উপস্থিত হৈছিল৷ কলকাতাত ফ্লাইটখনত ইন্ধন ভৰোৱাৰ প্ৰক্ৰিয়া চলি থাকোতেই এগৰাকী মহিলা যাত্ৰী হঠাৎ অসুস্থ হৈ পৰে৷ লগে লগেই তেওঁক নিকটবৰ্তী এখন হাস্পতাললৈ লৈ যোৱা হয়৷ তাতেই চিকিৎসকে জনাই যে সেই যাত্ৰীৰ মৃত্যু হৈছে৷ বৃহস্পতিবাৰে নিশা বিমানখনে কলকাতাত অৱতৰণ কৰে৷ এই ঘটনাৰ পাছতেই ৩৩১ জন যাত্ৰী লৈ বিমানখন আকৌ দিল্লীৰ উদ্দেশ্যে ৰাওনা হয়৷
উল্লেখ্য যে কেইদিনমান পূৰ্বে এয়াৰ ইণ্ডিয়াৰ বিমানত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পাছৰে পৰাই এটাৰ পাছত আনটো বিপত্তি চলিয়েই আছে এয়াৰ ইণ্ডিয়াত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















