অসম লাইভ২৪ঃ কাটাৰ বিশ্বকাপত যৌনতা সম্পূৰ্ণৰূপে নিষিদ্ধ। বিগত বিশ্বকাপসমূহলৈ যদি উভতি চোৱা যায় দেখা যায় যৌনতাৰ সৈতে ফিফাৰ সম্পৰ্ক বহু পুৰণি। ২০১৮ চনৰ বিশ্বকাপলৈ যদি চাওঁ তেন্তে ৰাছিয়া আৰু চৌদি আৰবৰ মাজত অনুষ্ঠিত খেলত হৈছিল বিশেষ ঘটনা। ৰাছিয়া আৰু চৌদি আৰৱৰ মাজত অনুষ্ঠিত এইখন খেলত দৰ্শক হিচাপে উপস্থিত আছিল মডেল নাটালিয়া নেমচিনোভা। পেছাত মডেল আৰু পর্ণ জগতৰ নায়িকা হিচাপে সকলোৰে চিনাকি মুখ নাটালিয়া।
ৰাছিয়াৰ সমৰ্থনত নিজৰ জাৰ্চি খুলি অংগ প্ৰদৰ্শন কৰি ৰাছিয়াৰ সমৰ্থনত পতাকা উৰুৱাইছিল নাটালিয়াই। বিশ্বকাপ হওক বা ইউৰোৰ খেলপথাৰেই হওক, দৰ্শকৰ মাজত বহি বহু নামী দামী তাৰকাই এইদৰে অংগ প্ৰদৰ্শন কৰিছে। ২০১৮ চনৰ সেই খেলপথাৰত লিয়নেল মেছি বা নেইমাৰে তেওঁলোকৰ ফালে দৃষ্টি দিছিল। সমৰ্থনৰ নামত তেঁওলোকে নিজৰ জাৰ্চি খুলিছে। আন বহুতেই আকৌ নিজ দেশৰ পতাকা আণ্ডাৰৱেৰত আঁকি দেখুৱাইছিল।
এই প্ৰসঙ্গত নাটালিয়াই দাবী কৰিছিল যে মডেলিং হৈছে তেওঁৰ পেছা, তেঁও কোনো ব্লু ফিল্মত অভিনয় কৰা নাই। কিন্তু নাটালিয়াৰ এই কাৰ্যকলাপত বহুতেই আপত্তি দৰ্শাইছিল। টেবলয়ডৰ গোটেই পৃষ্ঠা নাটালিয়াৰ ফটোৰে ভৰি পৰিছিল। খেলপথাৰত নিজৰ অংগ প্ৰদৰ্শন কৰি দেহত সমৰ্থনকাৰী দেশৰ পতাকাৰ ছবি আঁকি দৰ্শকৰ আগত বিখ্যাত হবলৈ চেষ্টা কৰাটো আজি কালি সকলোৱে ট্ৰেণ্ড হিচাপে লৈছে। কিন্তু কাটাৰ বিশ্বকাপত এইসমূহ কাৰ্যকলাপ কঠোৰভাৱে নিষিদ্ধ কৰাৰ বাবে এইবাৰ তেনে কোনো কাৰ্যকলাপ বৰ্তমানলৈ সংঘটিত হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ