ভূতপূৰ্ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে. নটৱাৰ সিঙৰ কালি ১০ আগষ্ট শনিবাৰে নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৫ বছৰ। নটৱৰ সিং নতুন দিল্লীৰ সমীপৰ গুৰুগ্ৰামৰ মেদান্ত মেডিচিটি হাস্পতালত বিগত প্ৰায় দুসপ্তাহ ধৰি চিকিৎসাৰ বাবে ভৰ্তি হৈ আছিল।
পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে কিছুদিন পূৰ্বে তেঁওক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু শনিবাৰে নাটৱৰ সিঙৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ ফলত তেঁওৰ মৃত্যু হয়।
অন্ত্যোষ্টিক্ৰিয়া সন্দৰ্ভত পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, ৰাজস্থানত সম্পন্ন কৰা হ’ব অন্ত্যোষ্টিক্ৰিয়া। সামাজিক ৰীতি-নীতি অনুসাৰে আজি দেওবাৰে তেঁওৰ সৎকাৰ কাৰ্য্য সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে জনায়।
কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নটৱাৰ সিঙে তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ইউ পি এ-১ চৰকাৰৰ সময়ত ২০০৪–০৫ চনলৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হৈ থকাৰ সময়তে নটৱাৰ সিঙে ২০০৫ চনত ‘ফুড ফৰ ইৰাকী অইল’ কেলেংকাৰিৰ পৰিপ্ৰেক্ষিতত ইউ পি এ-১ চৰকাৰৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। গান্ধী পৰিয়ালৰ ঘনিষ্ঠ বুলি গণ্য কৰা নাটৱাৰ সিঙে ২০০৮ চনত কংগ্ৰেছ ত্যাগ কৰিছিল।
তদুপৰি ইন্দিৰা গান্ধী চৰকাৰৰ সময়ছোৱাতো তেঁও পাকিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত পদ্মভূষণ বঁটাও লাভ কৰিছিল তেখেতে। সিংহই তেওঁৰ আত্মজীৱনী ‘ৱান লাইফ ইজ নট ইনাফ’ (One Life Is Not Enough)কে ধৰি কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল। তেওঁৰ এই কিতাপখনে ৰাজনৈতিক মহলত যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছিল।
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত দেশৰ বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে। তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সামাজিক মাধ্যমত শোক প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ