অসম লাইভ২৪ঃ আইপিএলৰ ফাইনেল অনুষ্ঠিত হ’ব ২৮ মে’ত। বিশ্ব টেষ্ট চেম্পিয়নচিপৰ ফাইনেল আৰম্ভ হ’ব ৭ জুনৰ পৰা। মাজত মাত্ৰ ১০ দিন সময়। টেষ্ট চেম্পিয়নচিপত থকা খেলুৱৈসকলে আইপিএলৰ পৰা বিশ্ৰাম লোৱাটো প্ৰয়োজন বুলি জনাইছে বহুতেই। ভাৰতীয় দলৰ ১৪ গৰাকী ক্ৰিকেটাৰেই আইপিএল খেলিছে। প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে খেলুৱৈক লৈ কৰিছে এই বিশেষ মন্তব্য। গাভাস্কাৰৰ মতে ৰোহিত শৰ্মাই এতিয়া আইপিএল খেলি থকাৰ কোনো অৰ্থ নাই। তেওঁ বিশ্ৰাম লোৱাটোহে প্ৰয়োজন। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে এই সন্দৰ্ভত কয়, ‘ৰোহিতে এতিয়া বিশ্ৰাম ল’ব লাগে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে বিশ্ৰাম ল’লেহে টেষ্ট মেচ ভালকৈ খেলিব পাৰিব। মোৰ মনে কয় ৰোহিতৰ মূৰত এতিয়া বহু চিন্তা আছে। হয়তো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ কথাও ভাৱিছে। সেয়ে তেওঁ বিৰতি লোৱাৰ প্ৰয়োজন আছে।’
এইবাৰ আইপিএলত ৭খনকৈ মেচ খেলিছে গোটেইকেইটা দলেই। আধাতকৈ বেছি খেলেই ইতিমধ্যে হৈ গৈছে। ৰোহিতৰ দলে সাতখনকৈ মেচত সপ্তম স্থান দখল কৰি আছে। গাভাস্কাৰে এই সন্দৰ্ভত কয়, ‘এই বছৰৰ আইপিএলত মুম্বাই ইণ্ডিয়ানছ প্লে অফত যোৱাটো কঠিন। জিকিবলৈ হ’লেও অলৌকিক কিবা এটা ঘটিব লাগিব। প্ৰথম চতুৰ্থ স্থান দখল কৰিবৰ বাবে দুৰ্দান্ত খেল খেলিব লাগিব ৰোহিতৰ দলে।’ মুম্বাইৰ বলিঙক লৈ বিৰক্ত হোৱা গাভাস্কাৰে লগতে কয়, ‘একেই ভুল কৰি চলি আছে মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলে। তেওঁলোকক কেইখনমান মেচৰ পৰা বিৰতি দিয়া উচিত। অলপ ক্ৰিকেটৰ অ, আ, ক, খ শিকি আহক। বুজি আহক ক’ত ক’ত ভুল কৰিছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ