অসম লাইভ ২৪ঃ বীয়েৰ বটলৰ ছবি শ্বেয়াৰ কৰাৰ বাবেই যুৱকক বিহা হ’ল জৰিমনা৷ থাইলেণ্ডৰ এজন যুৱকক বিহা হৈছে এই জৰিমনা৷ বীয়েৰ খাবলৈ কেনেকুৱা সেই বিষয়ে সামাজিক মাধ্যমত পোষ্ট লিখিছিল যুৱকজনে৷ এই বিশেষ পোষ্টটোৰ বাবেই যুৱকক ৩ লাখ ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে ৬ মাহ কাৰাদণ্ড বিহিছে আদালতে৷
বীয়েৰৰ সোৱাদৰ কথা কৈ গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম আৰ্টিড ছিভানছাফাৰ৷ পূৰ্বেও ২০০৮ চনত এলকহলযুক্ত পানীয়ৰ বিজ্ঞাপন দিলে ১১ লাখ টকা জৰিমনা বিহা হ’ব বুলি থাইলেণ্ড চৰকাৰে এক নিয়মো কৰিছিল৷ এই আইন উলংঘা কৰাৰ বাবেই আৰ্টিডক দোষী বুলি গণ্য কৰা হৈছে৷ কিন্তু আৰ্টিডে দাবী কৰা অনুযায়ী তেওঁ বীয়েৰক লৈ কোনো বিজ্ঞাপন প্ৰচাৰ কৰা নাই৷ বীয়েৰ খাবলৈ কেনেকুৱা সেয়া গ্ৰাহকক জনোৱাটো নৈতিক কৰ্তব্য বুলিয়েই জনাইছিল৷ সেয়ে তেওঁক গ্ৰেপ্তাৰৰ নিৰ্দেশ নায্য নহয় বুলি দাবী কৰিছে আৰ্টিডে৷
সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি ২০২০ চনত ফেছবুকৰ বিশেষ পোষ্টটো শ্বেয়াৰ কৰিছিল আৰ্টিডে৷ প্ৰাথমিকভাৱে আৰ্টিডক ৮ মাহৰ জে’ল দিয়াৰ বিপৰীতে ৪.৭ লাখ জৰিমনা বিহিছে আদালতে৷ পাছলৈ আদালতে এই জৰিমনাৰ ধন কমাই দিয়া বুলি জনাইছে যুৱকজন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ