এক ভয়ংকৰ তথা লোমহৰ্ষক ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী ৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা কৰিছে চাৰি লোকে৷
ঘটনাৰ বিৱৰণীৰ মতে যোৱা মংগলবাৰে গুজৰাটৰ আনন্দৰ ব’ৰ্ছাড চহৰৰ এগৰাকী ৬০ বৃদ্ধাক হত্যা কৰিছে চাৰিগৰাকী লোকে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে ব’ৰ্ছাডৰ ইন্দিৰা কলনীৰ চ’ছাইটিত বালুবেন ছ’লাংকি নামৰ বৃদ্ধা গৰাকীক আক্ৰমণ কৰি হত্যা কৰে৷
লগতে পঢ়ক উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন
চাৰি আক্ৰমণকাৰী আক্ৰমণত বালুবেন ছ’লাংকিৰ ২৯ বছৰীয়া পুত্ৰ অজয় ছ’লাংকীও আহত হৈছে৷
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি চাৰি অভিযুক্ত ক্ৰমে সঞ্জয় চৌহান, কমলেশ চৌহান, সীতাবেন চৌহান আৰু বিষ্ণু তালপড়েক গ্ৰেপ্তাৰ কৰিছে৷
ইফালে বৃদ্ধাগৰাকীৰ পুত্ৰই অভিযোগ কৰাৰ মতে চাৰি অভিযুক্তই অজয়ক ফোন কৰি মাতে আৰু ঘৰত গৈ দেখে যে ইতিমধ্যে তেওঁৰ মাতৃক ইতিমধ্যে আক্ৰমণ আহত কৰিছে৷ চাৰি অভিযুক্তই হাতত ৰ’ড আঅৰু লাঠি লৈ অজয়ক আক্ৰমণ কৰিবলৈ ৰৈ আছিল আৰু তেওঁ ঘৰত উপস্থিত হোৱাৰ মাত্ৰকে চাৰিওজন লোকে আক্ৰমণ কৰে৷
আক্ৰমণৰ পিছতে আহত মাতৃকো স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ