সংবাদ শিৰোনামত ফ্ৰান্স৷ সংবাৰ শিৰোনামলৈ অহাৰ কাৰণ অৱশ্যে বেলেগ৷ ফ্ৰান্সৰ এক নিয়মক লৈ চলিছে চৰ্চা৷ খাদ্য অপচয়ক লৈ আছে ফ্ৰান্সত বিশেষ কিছু নিয়ম৷ ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যসূচীৰ খাদ্য অপচয় সূচাংক অনুসৰি ভাৰতৰ জিডিপিৰ ১ শতাংস সমতুল্য খাদ্য প্ৰতি বছৰে অপচয় হয়৷ ভাৰতীয় পৰিয়ালে বছৰি ৬ কোটি ৮৭ লাখ টন খাদ্য অপচয় কৰে, কিন্তু ফ্ৰান্সত এনে নহয়।

খাদ্য অপচয়ক লৈ ফ্ৰান্সে আনিছে বিশেষ আইন৷ এনে আইন কাৰ্যকৰী কৰা প্ৰথমখন দেশেই হৈছে ফ্ৰান্স৷ ফ্ৰান্সতো খাদ্য অপচয়ৰ বিৰুদ্ধে আইন আছে। তাত খাব পৰা খাদ্য পেলাই দিয়াটো বেআইনী। খাদ্যৰ অপচয় ৰোধৰ বাবে আইন প্ৰণয়ন কৰা প্ৰথমখন দেশ ফ্ৰান্স। এই আইনক বিশ্বজুৰি খাদ্যৰ অপচয় ৰোধৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে প্ৰশংসা কৰা হৈছে।

ফ্ৰান্সৰ আইন অনুসৰি চুপাৰ মাৰ্কেটত বিক্ৰী নোহোৱা খাদ্যও পেলাব নোৱাৰে বা অপচয় কৰিব নোৱাৰে। যদি খাদ্যৰ ম্যাদ উকলি যোৱা নাই তেন্তে পেলাই দিয়া প্ৰথা অবৈধ। ম্যাদ উকলি যোৱাৰ তাৰিখৰ পিছত বাকী থকা যিকোনো খাদ্য ফুড বেংক আৰু চেৰিটিলৈ দান কৰিব লাগে৷

ফ্ৰান্সত খাদ্য অপচয় কৰা বুলি ধৰা পৰা চুপাৰ মাৰ্কেটসমূহে ৭৫ হাজাৰ ইউৰো পৰ্যন্ত জৰিমনা ভৰিব লাগে৷ ভাৰতীয় মুদ্ৰাত এই জৰিমনা প্ৰায় 8,052,975 টকা। স্পেইনেও তেনে এক আইন কাৰ্যকৰী কৰিছে৷ স্পেইনত প্ৰতি বছৰে পৰিয়াল আৰু ব্যৱসায়ীসকলে ১২ লাখ টনতকৈ অধিক খাব পৰা খাদ্য পেলাই দিছিল। কিন্তু নতুন আইনখনে চুপাৰ মাৰ্কেট, ৰেষ্টুৰেণ্ট, আৰু যোগানকাৰীসকলক আৱৰ্জনা হ্ৰাস কৰিবলৈ, অতিৰিক্ত খাদ্য দান কৰিবলৈ আৰু গ্ৰাহকক বাকী থকা খাদ্য ঘৰলৈ নিবলৈ অনুমতি দিবলৈ নিৰ্দেশ দিছে। লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত জনমূৰি খাদ্যৰ আৱৰ্জনা আধালৈ হ্ৰাস কৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ