অসম লাইভ ২৪ঃ মূৰে-কপালে হাত দি বহি পৰিছে স্বামী। পত্নীয়ে লুটি নিলে ১ কোটি টকা। আৰু এগৰাকী স্বামীৰো একেই দশা। তেওঁৰ পৰা একেগৰাকী মহিলাই লুটিলে ৪৫ লাখ টকা। দ্বিতীয়গৰাকীক প্ৰৱঞ্চনা কৰি মহিলা পালেগৈ আমেৰিকা। লগত লৈ গ’ল তৃতীয় স্বামী। shadi.comৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল মেলে সুন্দৰীয়ে। সুন্দৰীৰ জালত প্ৰথমে ভৰি দিলে ঝাৰখণ্ডৰ নিলয় কুমাৰ নামৰ এজন যুৱকে। তেওঁৰ লগত দুবছৰ পত্নীৰূপে থাকিল মহিলাগৰাকী। তাৰ পাছত ১ কোটি টকা নিলয় কুমাৰৰ পৰা সৰকাই অন্তৰ্ধান হ’ল মহিলাগৰাকী। পুনৰ shadi.comত জাল মেলিলে মহিলাই। এইবাৰ অমিত মোদী নামৰ গুজৰাটৰ এজন যুৱক পৰিল মহিলাৰ জালত। বিয়াও হ’ল। পৰৱৰ্তী সময়ত মাতৃৰ পৰিয়ালৰ আৰ্থিক অসুবিধাৰ অজুহাত দেখুৱাই অমিতৰ পৰা সৰকালে ৪৫ লাখ টকা। ইয়াৰ পাছত মহিলাগৰাকীয়ে জালত পেলালে পুনেৰ সুমিত দশৰথ নামৰ এজনক। এইবাৰ সুমিত দশৰথৰ সৈতে কেলিফৰ্ণিয়া পালেগৈ সুন্দৰী। এই প্ৰৱঞ্চনাৰ সমগ্ৰ ঘটনা পোহৰলৈ আনিলে মহিলাগৰাকীৰ তৃতীয়গৰাকী শাহুৱেকে। সুমিতৰ মাতৃয়ে বোৱাৰীয়েকৰ ফোনত অমিত মোদীৰ কল আৰু ফটো দেখা পোৱাৰ পাছত অমিতক ফোন কৰে। আৰু পোহৰলৈ আহিল বোৱাৰীৰ আচল স্বৰূপ। উল্লেখ্য, কেলিফৰ্ণিয়ালৈ উৰা মৰাৰ পূৰ্বে মহিলাগৰাকীয়ে ভুৱা তথ্য দি পাছপ’ৰ্ট উলিয়াইছিল। এতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ