অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত
পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠানৰ কেইঘণ্টামান পূৰ্বে শুকুৰবাৰে ফ্ৰান্সৰ দ্ৰুতবেগী ৰে’ল নেটৱৰ্কত অগ্নিসংযোগকে ধৰি ৰেল লাইন ভাঙি পেলোৱাৰ ফলত পৰিবহণ ব্যৱস্থাত ব্যাঘাত জন্মিছে। পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠানৰ পূৰ্বে ভ্ৰমণত ব্যাঘাত জন্মাবলৈ ফ্ৰান্সৰ ওপৰত এনেদৰে আক্ৰমণ কৰা বুলি অভিহিত কৰা হৈছে।
ফ্ৰান্সৰ ৰাজ্যিক ৰে’ল কোম্পানী এছএনচিএফে এক্সত এটা পোষ্টত কয় যে, বহু সংখ্যক ৰে’ল ডাইভাৰ্ট বা বাতিল কৰা হৈছে, আৰু যিসকল যাত্ৰীয়ে পাৰে তেওঁলোকক নিজৰ ভ্ৰমণ পিছুৱাই দিবলৈ আৰু ষ্টেচনলৈ নাযাবলৈ অনুৰোধ কৰা হৈছে। শুকুৰবাৰে সন্ধিয়ালৈকে ইয়াৰ সেৱা আংশিকভাৱে পুনৰ মুকলি কৰা হয়, যদিও ব্যাপক ব্যাঘাত অব্যাহত আছে।
এই অঘটনৰ ফলত ৮ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। আনহাতে এই আক্ৰমণৰ দায়িত্ব বৰ্তমানলৈ কোনেও লোৱা নাই। এটা সূত্ৰই চিএনএনক জনোৱা মতে, ইতিমধ্যে এই ঘটনাৰ অপৰাধীক বিচাৰি উলিয়াবলৈ বিশেষ দল গঠন কৰা হৈছে।
লগতে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী গেব্ৰিয়েলে সদৰি কৰা মতে, জনতাৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা আৰু দেশৰ সম্পত্তিৰ ক্ষতি কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত দোষীক বিচাৰি পালে ১০ৰ পৰা ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ