কাইলৈ ৮ আগষ্ট ২০২৫ শুকুৰবাৰে চন্দ্ৰই দিনজুৰি মকৰ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওনৰ শুক্লা চতুৰ্দশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব প্ৰীতি যোগ আৰু আয়ুষ্মান যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব উত্তৰ আহাৰ নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুক্ৰবাৰ হৈছে লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ৮ আগষ্টত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য দুইটাই বৃদ্ধি পাব৷ লক্ষ্মীৰ কৃপাত শত্ৰু আপোনাৰ সন্মুখত পৰাজিত হব৷ সামাজিক জনসেৱামূলক কামত বেছিকৈ যোগ দিব৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পৰিয়ালত সুখ থাকিব৷
কৰ্কট ৰাশি
কাইলৈ দিনটো প্ৰীতি যোগৰ শুভ প্ৰভাৱত সৌভাগ্যময় হব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ সকলো কাম সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰিব৷ শত্ৰুৱে আপোনাৰ কামত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলেও ব্যৰ্থ হব৷ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰৰ কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব৷ আইনী জটিলতাতো জয়ী হব৷
কন্যা ৰাশি
কাইলৈ দিনটো বিশেষভাৱে সৌভাগ্যপূৰ্ণ হব কন্যা ৰাশিৰ জাতকৰ বাবে৷ কোনো সূত্ৰৰ পৰা হঠাৎ অতিৰিক্ত অৰ্থ লাভ কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হব৷ যি বিষয়ত আপুনি বহুদিন ধৰি বাধা লাভ কৰি আহিছিল সেই সকলো বাধা দূৰ হব৷ ছাত্ৰ ছাত্ৰীয়ে লেখাপঢ়াত সাফল্য পাব৷
মকৰ ৰাশি
কাইলৈ শাওনৰ নক্ষত্ৰৰ প্ৰভাৱত বৃহৎ কোনো সাফল্যই অপেক্ষা কৰিছে মকৰ ৰাশিৰ বাবে৷ কাইলৈ নিজৰ জ্ঞান আৰু বুদ্ধিৰ জোৰত সকলো বিপদ দূৰ হব৷ কেৰিয়াৰত বৃহৎ সাফল্য লাভৰ যোগ আছে৷ বেছ কিছু অতিৰিক্ত অৰ্থ প্ৰাপ্তি হব৷ আপোনাৰ ওপৰত মানসিক চাপ থাকিলে সেয়া দূৰ হব৷
মীন ৰাশি
কাইলৈ দিনজুৰি মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত কোনো উচ্চস্থান লাভ কৰিব পাৰিব৷ সকলো বিষয়ত পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন পাব৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ কাইলৈ কৰোবাত বিনিয়োগ কৰিলে লাভ হব৷ ব্যৱসায়তো লাভ বাঢ়িব মীন ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















